ETV Bharat / state

ঘৰতে কপৌ ফুলৰ বাগিছা সৃষ্টি যোৰহাটৰ মিঠু গগৈৰ - বৈজ্ঞানিক পদ্ধতি

ব্যাপক বন ধ্বংস,তথা উন্নয়নৰ নামত অৰণ্য ধ্বংস কৰাৰ বাবে এতিয়া ক্ৰমান্বয়ে শেষ হৈ আহিছে কপৌফুল সমূহ। এনে মঙহা সময়ত যোৰহাট তিতাবৰ ৰঙাজানৰ মিঠু গগৈ নামৰ এজন লোকে ২০১৩ চনৰ পৰা বৈজ্ঞানিক পদ্ধতিৰে সম্পূৰ্ণ ব্যক্তিগত ভাৱে সৃষ্টি কৰিছে এখন কপৌফুলৰ বাগিছা । প্ৰায় ৯০০০ জোপা কপৌ ফুলৰ লগতে ২০০ প্ৰজাতিৰ কপৌফুল সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে এই বাগিছাত ৷ ইয়াৰোপৰি কপৌ ফুলৰ জৰিয়তে ব্যৱসায়ীক দিশতো সফল মিঠু গগৈ ৷ প্ৰতিপাহ কপৌ ফুল 30 টকাৰ পৰা 150 টকা পৰ্যন্ত বিক্ৰী কৰি আহিছে গগৈয়ে ৷

orcid-garden-at-jorhat
ঘৰতে কপৌ ফুলৰ বাগিছা সৃষ্টি যোৰহাটৰ মিঠু গগৈৰ
author img

By

Published : Apr 8, 2021, 7:29 PM IST

যোৰহাট,8এপ্ৰিল:হেঁপাহৰ ৰঙালী বিহু এতিয়া পদূলিমুখত ৷ উথপথপ প্ৰতিগৰাকী অসমীয়াৰ মন ৷ নহ'বনো কিয়,বিহু মানেই আৱেগ,বিহু মানেই চেনেহৰ প্ৰতীক ৷ ইপিনে অসমীয়াৰ প্ৰাণ স্বৰূপ এই ৰঙালী বিহুৰ সৈতে মধুৰ সম্পৰ্ক আছে কপৌ ফুলৰ ৷ ৰঙালী বিহুত বিহুৱা ডেকাই বিহুৱতী নাচনীক মৰমৰ চিনস্বৰূপে এপাহি কপৌফুল গুজি দিয়া পৰম্পৰাও অতীজৰে পৰা প্ৰচলিত ৷ কাৰণ এই উপহাৰতেই লুকাই থাকে জীৱনৰ অনেক ৰং,অনেক সপোন,প্ৰেৰণা আৰু উৎসাহ। আনকি নাচনীৰ ঘিলা খোপাও কপৌ ফুল অবিহনে আধৰুৱা।

ঘৰতে কপৌ ফুলৰ বাগিছা সৃষ্টি যোৰহাটৰ মিঠু গগৈৰ

তাৎপৰ্যপূৰ্ণ কথা যে,ব্যাপক বন ধ্বংস,তথা উন্নয়নৰ নামত অৰণ্য ধ্বংশ কৰাৰ বাবে এতিয়া ক্ৰমান্বয়ে শেষ হৈ আহিছে কপৌফুল সমূহ। এনে মঙহা সময়ত যোৰহাট তিতাবৰ ৰঙাজানৰ মিঠু গগৈ নামৰ এজন লোকে ২০১৩ চনৰ পৰা বৈজ্ঞানিক পদ্ধতিৰে সম্পূৰ্ণ ব্যক্তিগত ভাৱে সৃষ্টি কৰিছে এখন কপৌফুলৰ বাগিছা । প্ৰায় ৯০০০ জোপা কপৌ ফুলৰ লগতে ২০০ প্ৰজাতিৰ কপৌফুল সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে এই বাগিছাত ৷ ইয়াৰোপৰি কপৌ ফুলৰ জৰিয়তে ব্যৱসায়ীক দিশতো সফল মিঠু গগৈ ৷ প্ৰতিপাহ কপৌ ফুল 30 টকাৰ পৰা 150 টকা পৰ্যন্ত বিক্ৰী কৰি আহিছে গগৈয়ে ৷

মিঠু গগৈৰ এই কাৰ্য সঁচাকৈয়ে প্ৰশংসনীয় ৷ কিন্তু ক্ৰমাৎ হেৰাই যাব ধৰা এই কপৌ ফুলসমূহ উপযুক্ত ৰক্ষণাবেক্ষণৰ বাবে এতিয়া চৰকাৰৰ সহযোগিতাও খুবেই প্ৰয়োজন ৷ অন্যথা ভৱিষ্যতে কেৱল ৰোমন্থন কৰিবলৈহে ৰৈ যাব এই কপৌ ফুলপাহ ৷

লগতে পঢ়ক:ৰঙালী বিহুলৈ প্ৰস্তুতিৰ কিছু আলোকচিত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.