ETV Bharat / state

কৰ’ণামুক্ত ঘোষণা কৰা ব্যক্তিৰ শৰীৰত Covid-19ৰ উপস্থিতি

author img

By

Published : Jun 9, 2020, 4:16 PM IST

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এক আজৱ কাণ্ড ৷ চিকিৎসালয় কৰ্তৃপক্ষই কৰ’ণামুক্ত বুলি ঘোষণা কৰা ব্যক্তিৰ দেহত পুনৰ ধৰা পৰিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য সৃষ্টি তিতাবৰত ৷

One more tested covid 19 positive after declaration covid 19 negative at JMCH jorhat assam etv bharat news
স্বাস্থ্য বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ উদং স্বৰূপ

যোৰহাট,9 জুন: এক অদ্ভূত কাণ্ড সংঘটিত হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ চিকিৎসালয় কৰ্তৃপক্ষই নিগেটিভ ঘোষণা কৰা এগৰাকী ব্যক্তিৰ শৰীৰত পোৱা গৈছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ইতিমধ্যে আক্ৰান্ত ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ চহৰখনৰ শ্বপিংমল,এটিএম আৰু এখন ৱাইন শ্বপ অহাৰ কথা ইতিমধ্যে জানিব পৰা গৈছে ৷ ইয়াক কেন্দ্ৰ কৰি তিতাবৰত সৃষ্টি হৈছে কৰ’ণাতংক ৷ আক্ৰান্ত ব্যক্তিগৰাকী নিয়োজিত আছিল দিল্লীৰ এখন চিকিৎসালয়ৰ নিৰাপত্তাৰক্ষীৰ কামত ৷ বিগত ৩১ মে’ত ৰে’লযোগে ব্যক্তিগৰাকী মৰিয়নীলৈ আহে ৷ ইয়াৰ পিছতে 8 দিনৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত কোৱাৰেণ্টাইনত ৰখা হৈছিল ব্যক্তিগৰাকীক ৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে চিকিৎসালয় কৰ্তৃপক্ষই ব্যক্তিগৰাকীক কৰ’ণামুক্ত ঘোষণাৰে ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে যদিও নিশা পুনৰ ব্যক্তিগৰাকীক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত বুলি ঘোষণা কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে ৷

উল্লেখ্য যে,চিকিৎসালয়ৰ পৰা এখন মাৰুতি ভানেৰে ঘৰলৈ অহাৰ সময়ত ব্যক্তিগৰাকীয়ে পথৰ সমীপৰ এটা এটিএমৰ পৰা সংগ্ৰহ কৰিছিল নগদ ধন ৷ লগতে তিতাবৰ ষ্টেচন তিনিআলিৰ প্ৰবীণচ নামৰ এটা শ্বপিং মলত ব্যক্তিগৰাকীয়ে বজাৰ কৰাৰ লগতে সুৰা বিপণীৰ পৰা সুৰা ক্ৰয় কৰাৰ কথা সম্প্ৰতি পোহৰলৈ আহিছে ৷ ইতিমধ্যে ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ অহা বাহনখনৰ চালক পাপু গগৈক কৰা হৈছে কোৱাৰেণ্টাইন ৷ ঘটনা সম্পৰ্কে তিতাবৰ মহকুমা প্ৰশাসনে অধিক তৎপৰতা গ্ৰহণ কৰি ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ অহা প্ৰতিটো প্ৰতিষ্ঠান চেনিটাইজ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ৰাজ্যৰ এনে পৰিস্থিতিৰ সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এনে কাণ্ডজ্ঞানহীন কৰ্মই যোৰহাটত কৰ’ণা মহামাৰী বিয়পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷

লগতে চাওকঃ বাঘজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.