ETV Bharat / state

Tragic road accidents: তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এজনৰ মৃত্যু - Dumpers terror on roads in Jorhat

উত্তৰ পশ্চিম যোৰহাটত ভয়ংকৰ দুৰ্ঘটনা । অবৈধ বালি কঢিওৱা ডাম্পাৰৰ খুণ্ডাত প্ৰাণ গ'ল এজন যুৱকৰ(One killed by dumper in Jorhat) । বন বিভাগ, পৰিবহন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰে স্থানীয় ৰাইজ । নিৰীহ লোকে চৰকাৰী বিষয়াৰ কমিচন লোৱাৰ ফল ভোগ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ।

One killed by dumper in Jorhat
তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এজনৰ মৃত্যু
author img

By

Published : Mar 11, 2023, 10:36 PM IST

তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এজনৰ মৃত্যু

যোৰহাট,১১ মাৰ্চ: উত্তৰ পশ্চিম যোৰহাটৰ গামটো গাঁৱত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা । অবৈধভাৱে ব্ৰহ্মপুত্ৰৰ বালি কঢ়িয়াই অনা AS04BC1311 নম্বৰৰ এখন ডাম্পাৰে মটৰ চাইকেল লৈ ঘৰলৈ বুলি আহি থকা এজন যুৱকক মুখামুখিকৈ খুন্দা মৰাৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাত মটৰ চাইকেলখনৰ চালকজনে ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়(Dumpers terror on roads in Jorhat) ।

মৃত যুৱকজন এলেংমৰাৰ ৰূপম কুমাৰ বৰা বুলি জানিব পৰা গৈছে ৷ ডাম্পাৰ খন ইমানেই বেছি তীব্ৰ গতিত আহিছিল যে ঘটনা সংঘটিত হোৱাৰ পিছত ডাম্পাৰখন পথৰ ওপৰতে বাগৰি পৰে । ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী প্ৰশাসন উপস্থিত হয় যদিও ক্ষোভিত ৰাইজৰ ৰোষত পৰে আৰক্ষী প্ৰশাসন(One killed by dumper in Jorhat) । কিয়নো মালৌআলি পথত অবৈধ মাটি বালি ডাম্পাৰৰ চলাচল বন্ধ কৰিবলৈ স্থানীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজে বহু বাৰ জিলা প্ৰশাসন আৰু বন বিভাগকে ধৰি সকলো সংশ্লিষ্ট বিভাগক অনুৰোধ কৰি আহিছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ বাবেই এই ঘটনা সংঘটিত হবলৈ পালে বুলি দাবী কৰিছে স্থানীয় ৰাইজে(Bike dumper clash in Jorhat) ।

পথটো অতি সৰু হোৱাৰ বিপৰীতে মাটি বালি কঢ়িওৱা ডাম্পাৰ সমুহৰ মাজত হোৱা অঘোষিত প্ৰতিযোগিতা চলাৰ বাবেই পূৰ্বেও বহু কেইটা সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে । ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ক্ষোভিত ৰাইজে আৰক্ষীক মৃতদেহ নিবলৈ বাধা দিয়াৰ লগতে জিলা উপায়ুক্ত তথা আন বিভাগ সমুহৰ বিষয়া সকল ঘটনাস্থলীলৈ নহালৈকে মৃতদেহ নিবলৈ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে(Tragic road accidents) ।

উল্লেখযোগ্য যে বন বিভাগৰ জিলা বন বিষয়া আৰু আঞ্চলিক বন বিষয়াৰ লগতে জিলা পৰিবহন বিষয়াৰ বাবে এই পথৰ ডাম্পাৰসমুহ সোনৰ কণী পৰা হাঁহৰ দৰে আছিল । প্ৰতিখন গাড়ীৰ মালিকৰ পৰা মোটা অংকৰ কমিচন গ্ৰহন কৰি চকু মুদাৰ কুলিৰ ভাও ধৰি থকা বিষয়া কেইজনৰ বাবেই দুৰ্ঘটনা সংঘটিত হবলৈ পালে বুলি দাবী কৰি যুৱকজনৰ মৃত্যুৰ বাবে এই বিষয়া কেইজন জগৰীয়া বুলি অভিযোগ কৰে ।

উল্লেখযোগ্য যে, শনিবাৰে পুৱাও ডাম্পাৰৰ মালিকৰ লগত মালৌআলিত গোপন মিতিৰালি কৰি ডাম্পাৰ মুকলি কৰি দিছিল বন বিভাগৰ এজন উচ্চ পদস্থ বিষয়াই । আনহাতে আঞ্চলিক বন বিষয়াজনৰ মৰমৰ বাবে যেতিয়াই বন বিভাগৰ অভিযান চলে তেতিয়াই ৰহস্যজনকভাৱে পথৰ পৰা অন্তৰ্ধান হয় সকলো ডাম্পাৰ । ৰাইজে ডাম্পাৰৰ চালকক গাড়ীৰ গতি কমাবলৈ অনুৰোধ জনালেও বন বিভাগ পৰিবহন বিভাগ আৰু আৰক্ষী প্ৰশাসনক নিজৰ পকেটত ৰখা ডাম্পাৰৰ মালিকে স্বয়ম্ভু বিষয়া হৈ ৰাইজক বুঢ়া আঙুলি প্ৰদৰ্শন কৰা লগতে বহু সময়ত সাংবাদিকৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হৈছে ।

অতি ৰহস্যজনকভাৱে ব্ৰহ্মপুত্ৰৰ মাটি কঢ়িওৱাটো মিছা বুলি সকলোৰে আগত দম্ভালি মাৰি কথা কোৱা আঞ্চলিক বন বিষয়া জনক এই ঘটনাৰ পিছত কি উত্তৰ দিব বুলি প্ৰশ্ন কৰে ৰাইজে । ইফালে সততে নিজকে নিষ্ঠাবান বিষয়া হিচাপে চিনাকি দিয়া যোৰহাট জিলা পৰিবহন বিষয়া জনেও ৰহস্য জনক কাৰণত ডাম্পাৰৰ দৌৰাত্ম্য নেদেখাৰ অভিযোগ উত্থাপন কৰে ।

জিলা পৰিবহন বিষয়াক বাৰম্বাৰ এনে ডাম্পাৰ সমূহৰ বিৰুদ্ধে অভিযোগ দিয়া হয় আৰু বিষয়া জনে মালৌআলি পথত আহি নিজৰ কমিচনৰ পৰিমানহে বঢ়াই যায় বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । কেৱল ইমানেই নহয় যিকোনো সময়তে বন বিষয়াৰ ঘৰৰ চৌকা জ্বলাবৰ বাবে ডাম্পাৰৰ মালিকৰ প্ৰয়োজন হয় বুলি তীব্ৰ অভিযোগ উত্থাপন কৰি কয় যে বন বিভাগৰ প্ৰতিজন বিষয়াই এই অঞ্চলত দিনটোত এবাৰ হ'লেও চেহেৰা দেখুৱাই আৰু ইয়াৰ বাবে প্ৰতিজন ডাম্পাৰৰ মালিকে বিষয়াক এক প্ৰকাৰৰ খোৰাকী দিব লগীয়া হয় ।

এই খোৰাকী হাতৰ মুঠিত কিমান সোমাইছে সেয়া বিষয়া জনেও নাজানে বুলি মন্তব্য কৰিছে ক্ষোভিত ৰাইজে । ইফালে ঘটনাস্থলীত পৰৱৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিতিত ৰাইজৰ সৈতে হোৱা আলোচনাত মালৌআলি পথত কোনো ধৰনৰ ডাম্পাৰৰ চলাচল হ'ব নোৱাৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছত আৰক্ষীক মৃতদেহ চমজাই দিয়ে । উল্লেখযোগ্য যে এই বিভাগ কেইটাৰ কমিচনখোৰ বিষয়াৰ বাবেই ইয়াৰ পূৰ্বে জে বি ৰোডত অনুৰূপ ঘটনা সংঘটিত হৈছিল । আজিৰ এই ঘটনাৰ পিছত কমিচনৰ লোভত বন বিষয়া সকলেই ডাম্পাৰৰ মালিকক মাটি বালি চুৰি কৰিবৰ বাবে উপায়ৰ পৰামৰ্শ দিব বুলি অভিযোগ কৰি কয় যে ডাম্পাৰ দিনে নিশাই এই পথত বন্ধ হ'ব লাগিব আৰু যদি এনে নহয় তেন্তে স্থানীয় ৰাইজে জংগী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ।

লগতে পঢ়ক: Baresahariya Bhaona Controversy: বিতৰ্ক বন্ধ নকৰিলে ইছমাইল হুছেইনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.