নগাবাট, 14 মাৰ্চঃ তিতাবৰ আৰু বৰহোলা আৰক্ষীয়ে অভিযান চলাই নগাবাট ঠেঙাল গাঁৱৰ পৰা মাইকেল ধান নামৰ এগৰাকী ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷ অভিযুক্ত গৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰে 40 টাকৈ নিচাযুক্ত টেবলেট ৷ ইতিমধ্যে অভিযুক্ত ড্ৰাগছ ব্যৱসায়ীজনক জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বহুবাৰ জেললৈ গৈছে মাইকেল ধান আৰু তেওঁৰ পত্নী ৷
লগতে পঢ়কঃ গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ হেৰ'ইন আৰু গাঞ্জা