যোৰহাট, ২০ মে': ৰাজ্যৰ কৃষি শিক্ষাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান অসম কৃষি বিশ্ববিদ্যালয়ে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ বৰঙণি আগবঢ়াইছে । অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালৰ শিক্ষ-কৰ্মচাৰীৰ এদিনৰ দৰমহাৰে এই বৰঙণি আগবঢ়োৱা হৈছে । ক'ভিডসৃষ্ট জটিল পৰিস্থিতি বা অন্য জটিল পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে সম্ভৱপৰ সকলোকে বৰঙণি আগবঢ়াবলৈ চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপ গ্ৰহণ কৰে বিশ্ববিদ্যালয়খনে ।
ইতিমধ্যে অনলাইন প্ৰক্ৰিয়াৰে এই বৰঙনি মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ একাউন্টত জমা দিয়া হৈছে । উল্লেখ্য যে, বিগত বৰ্ষতো বিশ্ববিদ্যালয় পৰিয়ালে কৰ'ণাৰ জটিল সময়ত চৰকাৰলৈ এদিনৰ দৰমহাৰ পুঁজিৰে বৰঙণি আগবঢ়াইছিল ।
লগতে পঢ়ক: নগাঁও আৰক্ষীৰ জালত 6 জুৱাৰী