ETV Bharat / state

Jorhat police attack case: পুলিবৰ আৰক্ষীক আক্ৰমণত জড়িত এটা দুৰ্বৃত্তক আটক - Attack on Jorhat police

বৰ্তমান যোৰহাট জিলাত অৱনমিত হৈছে নেকি আইন শৃংখলা পৰিস্থিতি ৷ কিয়নো যোৰহাটত সঘনে দুৰ্বৃত্তৰ আক্ৰমণৰ হলি হ’ব লগা হৈছে আৰক্ষীৰ লোক ৷ দেওবাৰে বৰহুজ গাঁৱত দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছিল কেইবাগৰাকীও আৰক্ষীৰ লোক ৷ অৱশ্যে আৰক্ষীৰ জালত পৰিছে পুলিবৰ আৰক্ষী আক্ৰমণৰ ঘটনাৰ লগত জড়িত এটা দুৰ্বৃত্ত (One accused Detained in Jorhat police attack case) ৷ বৰ্তমানো ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

Jorhat police attack case
যোৰহাট জিলাত অৱনমিত হৈছে নেকি আইন শৃংখলা পৰিস্থিতি
author img

By

Published : Apr 3, 2023, 8:49 PM IST

Updated : Apr 3, 2023, 9:01 PM IST

যোৰহাট, 3 এপ্ৰিল : আৰক্ষীৰ জালত পৰিছে দেওবাৰে নিশা বৰহুজ গাঁৱত যোৰহাট আৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ লগত জড়িত এটা দুৰ্বৃত্ত ৷ এই দুৰ্বৃত্তটোৰ নাম ৰাজু দাস ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে পুলিবৰ আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াই ৷ লগতে আন কেইটা দৃবৃৰ্ত্তৰ সন্ধানত সোমবাৰে পুৱাৰে পৰাই আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান (One accused Detained on Jorhat police attack case) ৷

জানিব পৰা মতে, এক ঘটনা সংক্ৰান্তত দেওবাৰে নিশা বৰহুজ গাঁৱত চি আৰ পি এফ জোৱানসসহ আৰক্ষী বিষয়া লুনা দেৱী নেতৃত্বত পুলিবৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে চলাই এক অভিযান ৷ এই অভিযানৰ সময়তে হঠাৎ একাংশ সুৰাপায়ী আৰু উদণ্ড লোকে বিভিন্ন চোকা অস্ত্ৰৰে আৰক্ষীৰ দলটোৰ ওপৰত আক্ৰমণ চলায় (Attack on Jorhat police) ৷

একাংশ উদণ্ড লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় পুলিবৰ আৰক্ষী থানাৰ কেবাগৰাকীও আৰক্ষীৰ লোক ৷ আনকি আৰক্ষীক আক্ৰমণ কৰিয়ে শান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে আৰক্ষীৰ বাহনটো আক্ৰমণ চলায় ৷ ফলত ভাগি চুৰমাৰ হয় আৰক্ষীৰ বাহনো (Jorhat police attack case) ৷

যোৰহাটৰ বৰহুজ গাঁৱত দুৰ্বৃত্তই আৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণত আহত হয় সোণোৰাম গগৈ, ৰাজু মিলি, উত্তম শইকীয়া আৰু হেমন্ত সোণোৱালসহ চি আৰ পি এফ দুজন জোৱান ৷ দুবৃৰ্ত্তৰ আক্ৰমণ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আৰক্ষীৰ লোকসকলক নিশাই ততাতৈয়াকৈ উন্নত চিকিৎসা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷ আৰক্ষীৰ ওপৰত চলোৱা এই আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Jorhat police attack incident) ৷

এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ ইতিমধ্যে ঘটনা সংক্ৰান্তত ৰাজু দাস নামৰ এটা অভিযুক্তক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে পুলিবৰ আৰক্ষীয়ে ৷ পৰৱৰ্তী পৰ্যায়ত ঘটনা সংক্ৰান্তত শীঘ্ৰে আৰু কেবাটাও অভিযুক্ত আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে পুলিবৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে ৷

তথ্য অনুসৰি, বিগত সময়চোৱাতো যোৰহাট পুলিবৰ থানা অন্তৰ্গত বৰহুজ গাঁৱত অপৰাধী সন্ধানত যোৱা আৰক্ষীৰ এটা দলক অঞ্চলটোৰ একাংশ লোকে দা-কুঠাৰ লৈ আক্ৰমণ চলাইছিল ৷ তেনে এক ঘটনাই যেন দেওবাৰে পুনৰাবৃত্তি হ’ল বৰহুজ গাঁৱত ৷ এতিয়া প্ৰশ্ন হয়, কি দৰে বা কাৰ সাহসত বৰহুজ গাঁৱৰ একাংশ লোকে অপৰাধী সন্ধানত যোৱা আৰক্ষীক টাৰ্গেট কৰি লয় ?

লগতে পঢ়ক : Maoist killed : ঝাৰখণ্ডত আৰক্ষীৰ অভিযানত নিহত ৫ মাওবাদী

Last Updated : Apr 3, 2023, 9:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.