তিতাবৰ, 31 ডিচেম্বৰ : ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ(Thengal Kachari Autonomous council election) মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল শুকুৰবাৰ । ২০ জানুৱাৰীত অনুষ্ঠিত হ'ব ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন । তিতাবৰ মহকুমাৰ অন্তৰ্গত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ১০ টা সমষ্টিৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।
তিতাবৰ মহকুমাৰ অন্তৰ্গত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ১০ টা সমষ্টিত বিজেপি দলৰ আৰু মিত্ৰজোঁট অগপৰ ৩ জন মনোনীত প্ৰাৰ্থীয়ে তিতাবৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে । বিজেপি আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, যোৰহাট জিলাৰ বিজেপি সভাপতি হেমন্ত কলিতাৰ লগতে বিজেপিৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া ।
আনহাতে পূৰ্বে তিনিটাকৈ কাৰ্যকাল কংগ্ৰেছৰ দখলত থকা ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত শুকুৰবাৰে ৮ গৰাকী প্ৰাৰ্থীয়ে জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ লগত তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, জিলা বিষয়-ববীয়া ইন্দ্ৰজিত পেগু আদিয়ে সহযোগ কৰে ।
লগতে পঢ়ক: Thengal Kachari Election : ডিব্ৰুগড়ৰ ২২ নং মেৰবিল সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল