ETV Bharat / state

যোৰহাটত তিনি প্ৰতাপী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

author img

By

Published : Mar 8, 2021, 3:59 PM IST

নিজৰ প্ৰাৰ্থীত্ব নিশ্চিত হোৱাৰ পিছত সোমবাৰে যোৰহাট বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰাণা গোস্বামীয়ে ৷ লগতে মনোনয়ন পত্ৰ দাখিল কৰিলে টিয়কৰ কংগ্ৰেছী প্ৰাৰ্থী পল্লৱী গগৈয়ে ৷ সমান্তৰালকৈ যোৰহাটৰ উপায়ুক্তৰ ওচৰত বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিলে বিধানসভাৰ অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷

nomination-paper-submitted-by-3-candidate-at-jorhat
যোৰহাটত তিনি প্ৰতাপী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

যোৰহাট,8 মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনলৈ ৰাজ্যজুৰি তুংগত উঠিছে নিৰ্বাচনী প্ৰস্তুতি ৷ ইয়াৰ মাজতে এতিয়া ৰাজ্যত আৰম্ভ হৈছে মনোনয়ন পত্ৰ দাখিলৰ জোৱাৰ ৷ সোমবাৰে যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছ, বিজেপি দুয়োটা দলৰ হেভিৱেট প্ৰাৰ্থীয়ে ৷ নিজৰ প্ৰাৰ্থীত্ব নিশ্চিত হোৱাৰ পিছত সোমবাৰে যোৰহাট বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰাণা গোস্বামীয়ে ৷ হাজাৰ হাজাৰ দলীয় সমৰ্থকক লৈ যোৰহাট উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে নেতাগৰাকীয়ে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ, ৰাণা গোস্বামী জিন্দাবাদ আদি শ্লোগানৰে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে কংগ্ৰেছৰ নেতা পালিনেতা সকলে ৷ সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি নেতা গৰাকীয়ে উল্লেখ কৰে যে, ৰাইজে ভাৰতীয় জাতীয় কংগ্ৰেছক আদৰি লৈছে আৰু অনাগত দিনত তেওঁ জয় যুক্ত হোৱাটো 100% নিশ্চিত ৷

ইফালে ইয়াৰ সমান্তৰালকৈ অগণন সমৰ্থকক লগত লৈ অতিৰিক্ত উপায়ুক্ত বিশ্বজিত ফুকনৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিলে টিয়কৰ কংগ্ৰেছী প্ৰাৰ্থী পল্লৱী গগৈয়ে ৷ আগন্তুক বিধানসভাত জয়ী হ'লে কৃষি বিপ্লৱ আৰু শিল্প বিপ্লৱৰ জড়িয়তে নিবনুৱা সমস্যা সমাধানৰ বাবে চেষ্টা কৰিব বুলি মন্তব্য কৰিছে নেত্ৰী গৰাকীয়ে ৷ লগতে এইবাৰ নিৰ্বাচনত ৰাইজে তেওঁক বিপুল ভোটত জয়ী কৰাব বুলিও মন্তব্য প্ৰকাশ কৰে নেত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, 2016 ৰ বিধানসভা নিৰ্বাচনত কিছু ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল পল্লৱী গগৈ ৷

সমান্তৰালকৈ যোৰহাটৰ উপায়ুক্তৰ ওচৰত বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিলে বিধানসভাৰ অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷ দলীয় সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে নেতা গৰাকীয়ে ৷ সমষ্টিটোত বিজেপিৰে জয় হ'ব বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ লগতে ৰাইজে বিজেপি দলক সমষ্টিটোত বিচাৰে বুলি মন্তব্য কৰিছে হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷ মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেখেতৰ লগত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা ৷

লগতে পঢ়কঃ যোৰহাটত মনোনয়ন পত্ৰ দাখিল হিতেন্দ্ৰ নাথ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.