ETV Bharat / state

টীয়কত চৰকাৰী সাহাৰ্য লাভৰ পৰা বঞ্চিত শ্ৰমিক

চৰকাৰে ঘোষণা কৰা এহেজাৰ টকাৰ অনুদান আৰু বিনামূলীয়াকৈ যোগান ধৰা চাউল লাভ নকৰাৰ বুলি অভিযোগ টীয়কৰ একাংশ শ্ৰমিকৰ ৷

ETV BHARAT
টীয়কত চৰকাৰী সাহাৰ্য লাভৰ পৰা বঞ্চিত শ্ৰমিক
author img

By

Published : Apr 23, 2020, 8:20 PM IST

টীয়ক,23 এপ্ৰিলঃ টীয়কত চৰকাৰী সাহাৰ্য লাভৰ পৰা বঞ্চিত ক্ষুদ্ৰ উদ্যোগত কৰ্মৰত শ্ৰমিক ৷ আৰ্তজনৰ মাজত বিতৰণৰ বাবে অহা চাউল,দাইল টীয়কৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিতৰণ নকৰাকৈ মজুত ৰখাৰ অভিযোগ একাংশ শ্ৰমিকৰ ।

টীয়কত চৰকাৰী সাহাৰ্য লাভৰ পৰা বঞ্চিত শ্ৰমিক

লক ডাউনৰ সময়চোৱাত যাতে কোনো লোক খাদ্য সংকটত নপৰে তাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা আঁচনি ৰূপায়ণ কৰাৰ নামত টীয়কত একাংশ চৰকাৰী বিষয়া,কৰ্মচাৰী,পঞ্চায়ত প্ৰতিনিধিয়ে ব্যাপক অনিয়ম হোৱাৰ অভিযোগ একাংশ শ্ৰমিকৰ ৷ যোগ্যজন প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে । লক ডাউনৰ বাবে টীয়কৰ কেইবাটাও ক্ষুদ্ৰ উদ্যোগত নিয়োজিত শ্ৰমিকসকলে এই পৰ্যন্ত নাপালে চৰকাৰী আঁচনিৰ কোনো সাহাৰ্য। চৰকাৰে ঘোষণা কৰা এক হাজাৰ টকাৰ অনুদান আৰু বিনামূলীয়াকৈ যোগান ধৰা চাউল একাংশ ৰাজনৈতিক নেতা পালি নেতাৰ সপক্ষে থকা লোকসকলেহে লাভ কৰিছে। ইপিনে লক ডাউনৰ সময়ত আৰ্তজনৰ মাজত বিতৰণৰ বাবে অহা চাউল,দাইল টীয়কৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিতৰণ নকৰাকৈয়ে মজুত ৰাখিছে বুলি অভিযোগ কৰিছে একাংশ শ্ৰমিকে ।

লগতে পঢ়ক- খোজকাঢ়িয়েই ঘৰলৈ বাট ল'লে এগৰাকী যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.