ETV Bharat / state

যোৰহাট পালেহি জম্মুত আৱদ্ধ হৈ থকা সৰুমাই

author img

By

Published : Apr 17, 2022, 10:54 AM IST

Updated : Apr 17, 2022, 2:24 PM IST

জম্মুত উদ্ধাৰ অসমৰ ৬০ৰ উৰ্ধৰ মহিলা (Assam old woman rescued from Jammu) । সামাজিক মাধ্যমত মহিলাগৰাকীৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰে । অসম আৰক্ষীৰ এটা দল জম্মুত উপস্থিত হৈ উদ্ধাৰ কৰে সৰুমাই নামৰ মহিলাগৰাকীক । সম্প্ৰতি যোৰহাটৰ এটা আশ্ৰয় গৃহত আছে সৰুমাই ।

Assam old woman rescued from Jammu
যোৰহাট পালেহি জম্মুত আৱদ্ধ হৈ থকা সৰুমাই

যোৰহাট,১৭ এপ্ৰিল : অৱশেষত গৃহভূমিত উপস্থিত হ'ল সৰুমাই (Harumai finally reaches home town)। বহিঃৰাজ্যত আৱদ্ধ হৈ থকা সৰুমাইক কাষত পায় আনন্দিত মৰিয়নীবাসী । উল্লেখ্য যে কিছুদিন পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এটা ভিডিঅ' । জম্মুৰ এটা ৱেব পৰ্টেলৰ ভিডিঅ'টোত দেখা গৈছিল সৰুমাই নামৰ অসমৰ ৬০ৰ উৰ্ধৰ মহিলাগৰাকীক ।

ভিডিঅ'টোত মহিলাগৰাকীয়ে নিজৰ ঘৰ যোৰহাটৰ মৰিয়নীত বুলি উল্লেখ কৰিছিল । তাত তেওঁ আৱদ্ধ হৈ থকাৰ কথাও উল্লেখ কৰিছিল । এই ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিশেষ তৎপৰতা লৈছিল । মহিলাগৰাকীক উদ্ধাৰ কৰি অসমলৈ ঘূৰাই আনিবলৈ প্ৰচেষ্টা চলাইছিল বিধায়কগৰাকীয়ে ।

ভিডিঅ'টোৰ আঁতধৰি বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কথা পাতিছিল । ইয়াৰ পাছতে যোৱা ১১ এপ্ৰিলত যোৰহাট আৰক্ষীৰ দুজনীয়া এটা দল জম্মুলৈ প্ৰেৰণ কৰা হৈছিল । আৰক্ষীৰ দলটোৱে সৰুমাইক উদ্ধাৰ কৰি অৱশেষত অসমলৈ লৈ আহে (Assam police rescue Harumai from Jammu)। সৰুমাই আহি যোৰহাটত উপস্থিত হোৱাৰ পাছতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গামোচাৰে আদৰণি জনায় ।

সম্প্ৰতি মহিলাগৰাকীক আশ্ৰয় গৃহতে ৰখা হৈছে । জানিব পৰা মতে মহিলাগৰাকীৰ পৰিয়ালৰ সৈতে যোৰহাট আৰক্ষীয়ে যোগাযোগ স্থাপন কৰিছে । অতি শীঘ্ৰে সৰুমাইক পৰিয়ালক হস্তান্তৰ কৰা হ'ব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে । ইফালে স্থানীয় বিধায়কগৰাকী আৰু অসম আৰক্ষীৰ এনে প্ৰচেষ্টাক এতিয়া সকলোৱে প্ৰশংসা কৰা দেখা গৈছে ।

লগতে পঢ়ক : বটদ্ৰৱাত দ্বিতীয় প্ৰকল্পৰ কামৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

Last Updated : Apr 17, 2022, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.