ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ

author img

By

Published : May 24, 2022, 6:54 AM IST

অসম কৃষি বিশ্ববিদ্যালয়ত সোমবাৰৰে পৰা আৰম্ভ হৈছে স্কীল ডেভলপমেণ্টৰ এখন তিনিদিনীয়া কৰ্মশালা(Three days workshop at Assam Agricultural University) ৷ স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ ৩০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত আই আই এইছ আৰ(IIHR) বেংগালুৰুৰ মুৰব্বী অধ্যাপক ড৹ এম এছ ৰাও আৰু আই এ আৰ আই (IARI) নতুন দিল্লীৰ মুখ্য বিজ্ঞানী ড৹ টি কে দত্তই মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব ৷

national-level-workshop-begins-at-assam-agricultural-university
অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ

যোৰহাট, 24 মে’: ৰাষ্ট্ৰীয় উচ্চ শিক্ষা প্ৰকল্প (নাহেপ) ৰ অৰ্থ সাহাৰ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ত সোমবাৰৰে পৰা অনুজীৱ বৈজ্ঞানিক ব্যাঘাত ব্যৱস্থাপনাৰ দ্বাৰা শস্য পৰজীৱিৰ জৰিয়তে মাটিৰ গুণাগুণ বৃদ্ধি বিষয়ক এখন স্কীল ডেভলপমেণ্টৰ তিনিদিনীয়া কৰ্মশালা(Three days workshop at Assam Agricultural University) আৰম্ভ হৈছে ৷ বিশ্ববিদ্যালয়ৰ শস্যকৃমি বিভাগৰ উদ্যোগত অনুষ্ঠিত আৰু বিভাগৰ মুৰব্বী ড৹ ভৱেশ ভাগৱতীয়ে আদৰণি ভাষণ আগবঢ়োৱা কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই অংশগ্ৰহণ কৰে ৷

ভাষণ প্ৰসংগত তেখেতে জৈৱিক ব্যৱস্থাৰে শস্যকৃমিৰ ব্যৱস্থাপনাৰ দ্বাৰা ক্ষুদ্ৰ পৰিসৰৰ কেপচুল উদ্ভাৱনৰ দিশত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় ৷ এই দিশত গৱেষণা তথা উৎকৰ্ষতাৰ ক্ষেত্ৰত গুৰুত্ব বৃদ্ধি পোৱা বুলি উল্লেখ কৰে ৷

স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ ৩০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত আই আই এইছ আৰ(IIHR) বেংগালুৰুৰ মুৰব্বী অধ্যাপক ড৹ এম এছ ৰাও আৰু আই এ আৰ আই (IARI) নতুন দিল্লীৰ মুখ্য বিজ্ঞানী ড৹ টি কে দত্তই মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ(National level Workshop at Assam Agricultural University) কৰিব ৷

কৃষি বিজ্ঞানগুৰু ড৹ জয়ন্ত ডেকাই কৰ্মশালাৰ বিষয়ে সবিশেষ বাখ্যা আগবঢ়োৱা আৰম্ভণি অনুষ্ঠানত নাহেপৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সমন্বয়ক ড৹ কিশোৰ কুমাৰ শৰ্মা, মুৰব্বী অধ্যাপকসকল ক্ৰমে ড৹ পলাশ দেৱনাথ, ড৹ সমীন্দ্ৰ বৈশ্য, ড৹ কল্যাণ পাঠক আৰু ড৹ বাদল ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়াই ড৹ নিবেদিতা বৰগোঁহায়ে ৷

লগতে চাওক: অসম কৃষি বিশ্ববিদ্যালয়ত সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ বাৰ্ষিক সমাৰোহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.