ETV Bharat / state

Nation Builders Award:যোৰহাটৰ দুগৰাকী শিক্ষকলৈ Nation Builders Award

শৈক্ষিক নগৰী যোৰহাটৰ বাবে আন এক সুখবৰ ৷ Nation Builders Award ৰে জিলিকিল জিলাখনৰ দুগৰাকীকৈ শিক্ষক ৷ উৎফুল্লিত শিক্ষক সমাজ আৰু ছাত্র-ছাত্রী ৷

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 5:05 PM IST

Nation Builders Award
কৃতি শিক্ষক
কৃতি শিক্ষক

যোৰহাট, 8 ছেপ্টেম্বৰ : যোৰহাটবাসীৰ বাবে এক সুখবৰ, জিলাখনৰ দুগৰাকীকৈ শিক্ষক নিৰ্বাচিত হৈছে Nation Builders Award ৰ বাবে ৷ এটা ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পিচত জিলাখনৰ দেৱ শইকীয়া আৰু গীতা বৰা নামেৰে দুগৰাকী শিক্ষকে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ উক্ত খবৰটোৱে জিলাখনলৈ কঢ়িয়াই আনিছে আনন্দৰ বতৰা ৷

যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত এখন ঐতিহাসিক বিদ্যালয় হ’ল যোৰহাট পলিটেকনিক উচ্চ মাধ্যমিক বিদ্যালয় । উক্ত বিদ্যালয়খনৰ দুগৰাকী শিক্ষক ক্ৰমে দেৱ শইকীয়া আৰু গীতা বৰাক লৈ গৌৰৱান্বিত সমগ্ৰ যোৰহাটৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজ । কাৰণ এই দুয়োগৰাকীলৈ অসমৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক সেচ্ছাসেৱী অনুষ্ঠান ৰ’টাৰী ক্লাৱে আগৱঢ়াইছে "Nation Builders Award"।

উক্ত সেচ্ছাসেৱী অনুষ্ঠানটোৱে যোৰহাট জিলাৰ সহ্ৰাধিক শিক্ষানুষ্ঠানত শিক্ষক আৰু ছাত্রৰ মাজৰ সম্পৰ্ক, তেওঁলোকৰ শিক্ষণ তথা শৈক্ষিক প্ৰণালী সম্পৰ্কে ক্ষেত্ৰ ভিত্তিক অধ্যয়ন চলাইছিল আৰু এই ক্ষেত্ৰ ভিত্তিক অধ্যয়নত সকলো বিদ্যালয়ক চেৰ পেলাই যোৰহাটৰ এই ঐতিহাসিক শিক্ষা প্ৰতিষ্ঠানৰ দুগৰাকীকৈ শিক্ষক উজ্জ্বলি উঠিবলৈ সক্ষম হয় । অৱশেষত এই দুইগৰাকী শিক্ষকক নিৰ্বাচিত কৰা হ’ল Nation Builders Award ৰ বাবে ।

শনিবাৰে দুয়োগৰাকী শিক্ষাগুৰুৱে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠিত হ'বলগীয়া আড়ম্বৰপূৰ্ণ অনুষ্ঠানত Nation Builders Award বঁটা গ্ৰহণ কৰিব । উক্ত বঁটাৰ বাবে শিক্ষানুষ্ঠানখনৰ দুয়োগৰাকীকৈ শিক্ষাগুৰু নিৰ্বাচিত হোৱাত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়খনত । বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পিচত তেওঁলোকে কয় যে এনেধৰণৰ সন্মানে আমাক শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত দুগুণ উৎসাহ যোগায় আৰু কাম কৰাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰে ।

লগতে পঢ়ক : Teachers Day:বিনা বেতনে ৩০ বছৰ শিক্ষকতা কৰি পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই ল’লে অৱসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.