ETV Bharat / state

কৰ’ণা ভাইৰাছৰ সুৰক্ষাৰ নামত যুৱতীক হাৰাশাস্তি নগা আৰক্ষীৰ

author img

By

Published : Jul 3, 2020, 10:43 PM IST

বৃহস্পতিবাৰে নিশা নগা আৰক্ষীৰ এক অমানৱীয় কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে মৰিয়নীত । এগৰাকী বহিঃৰাজ্যৰ পৰা অহা যুৱতীক নাগালেণ্ডত প্ৰৱেশ কৰিবলৈ নিদি পথৰ দাঁতিত অকলে থাকিবলৈ বাধ্য কৰে নগা আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত তিতাবৰ মহকুমা প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে ৷

Naga police tourchered lady in the issue of covid 19 mariyani Jorhat assam etv bharat news
কৰ’ণা ভাইৰাছৰ সুৰক্ষাৰ নামত যুৱতীক হাৰাশাস্তি নগা আৰক্ষীৰ

মৰিয়নী,3 জুলাই: কেন্দ্ৰীয় চৰকাৰে কৰ’ণা ভাইৰাছৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনাৰ সুযোগ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে নাগালেণ্ড চৰকাৰৰ বিৰুদ্ধে ৷ ফলত বহিঃৰাজ্যৰ পৰা ঘূৰি অহা নাগৰিকে সন্মুখীন হ’বলগা হৈছে হাৰাশাস্তিৰ । বৃহস্পতিবাৰে নিশা নগা আৰক্ষীৰ এক অমানৱীয় কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে মৰিয়নীত । ঘটনাৰ বিৱৰণী অনুসৰি,নাগালেণ্ডৰ মোককচাং জিলাৰ পানীখেতি অঞ্চলৰ নিবাসী চলমন লিম্বুৰ কন্যা মাৰ্থা লিম্বু(২০) য়ে কলকাতাৰ পৰা বিমানযোগে আহি যোৰহাট বিমান বন্দৰত উপস্থিত হয় । চৰকাৰৰ নিৰ্দেশনা অনুযায়ী যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ দিয়ে ।

যুৱতীগৰাকীৰ পৰিয়ালে যোৰহাটৰ পৰা মৰিয়নী হৈ নাগালেণ্ডলৈ যাবলৈ সীমান্তৰ চুতাফেলা চেক গেটলৈকে আনিবলৈ যোৰহাটৰ এখন ব্যক্তিগত এম্বুলেঞ্চৰ বন্দৱস্ত কৰে । সেই অনুসৰি নিশা প্ৰায় বাৰ বজাত এম্বুলেঞ্চখনে যুৱতীগৰাকীক চুতাফেলা চেক গেটৰ সমীপত নমাই থৈ যায় । নিশাৰ ভাগতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোক উপস্থিত হয় চেকগেটখনত ৷ কিন্তু নগা আৰক্ষীয়ে পৰিয়ালৰ লোকক গেট পাৰ হোৱাত বাধা দিয়াৰ লগতে যুৱতীগৰাকীকো নাগালেণ্ডত প্ৰৱেশত বাধা প্ৰদান কৰে ৷

নগা আৰক্ষীৰ বাধাত উপায়ন্তৰ যুৱতীগৰাকীয়ে গেটৰ সমীপৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ মাজত ওৰে নিশা ভোকে-পিয়াহে পাৰ কৰে । শুকুৰবাৰে পুৱা বিষয়টো সম্পৰ্কে মৰিয়নীৰ স্থানীয় ৰাইজ অৱগত হোৱাত যুৱতী গৰাকীক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে বিষয়টো মৰিয়নী আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত তিতাবৰ মহকুমা প্ৰশাসন উপস্থিত হৈ যুৱতীগৰাকীক মৰিয়নীৰ এটা ল’জত কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ আনহাতে নগা আৰক্ষীৰ এনে দায়িত্বজ্ঞানহীনতাক সকলোৱে একেমুখে গৰিহণা দিয়ে ।

লগতে চাওকঃ ৰকিবুল হুছেইনো হ'ব লাগিব নেকি হোম কোৱাৰেণ্টাইন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.