ETV Bharat / state

নৱনীতা দাসঃ সোঁতৰ বিপৰীতে গৈ আনৰ বাবে আদৰ্শ হৈ পৰা যুৱতীগৰাকী

author img

By

Published : Mar 10, 2020, 5:30 PM IST

পথাৰত সপোন ৰচা এগৰাকী যুৱতী ৷ বহু শিক্ষিত নিৱনুৱাৰ আৰ্দশ হৈ পৰিছে যুৱতীগৰাকী ৷ কঠোৰ শ্ৰম আৰু একাগ্ৰতাৰ ফলত আৰ্থিকভাৱে সৱল হৈ পৰাৰ লগতে নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰিছে যুৱতীগৰাকী ৷

NABANITA DAS: ROLE MODEL FOR NEW GENRATION
"নৱনীতা জৈৱিক ফাৰ্ম" প্ৰতিষ্ঠাৰ আঁৰৰ সংগ্ৰাম

যোৰহাট, 10 মাৰ্চঃ ৰাজ্যৰ বতৰ আৰু পৰিৱেশ বহু উপযোগী কৃষি কৰ্মৰ বাবে ৷ কিন্তু ধাৰাবাহিকতা তথা একাগ্ৰতাৰ অভাৱতে বহু আৰ্দশ খেতিয়ক হেৰাই যায় সময়ৰ গতিত ৷ কিন্তু সোঁতৰ বিপৰীতে চিন্তা কৰি যোৰহাটৰ এগৰাকী যুৱতীয়ে এতিয়া সপোন ৰচিছে পথাৰত । বকৰা মাটিক উৰ্বৰা কৰি শস্য় উৎপাদনেৰে স্বাৱলম্বী হ'বলৈ সক্ষম হোৱা যুৱতী গৰাকীৰ নাম নৱনীতা দাস ৷

নৱনীতা দাস

প্ৰথম অৱস্থাত যোৰহাটৰ পটিয়াফখলাত থকা নিজৰ তিনি বিঘা মাটিত কৃষি কৰ্ম আৰম্ভ কৰা যুৱতীগৰাকীয়ে বৰ্তমানে কুৰি বিঘা মাটিত সম্পূৰ্ণ বৈজ্ঞানিক আৰু জৈৱিক পদ্ধতিৰে কৰি আছে কৃষি কৰ্ম । "নৱনীতা জৈৱিক ফাৰ্ম" নামৰে খ্যাত কৃষি ফাৰ্মত এতিয়া সুলভ বিভিন্ন প্ৰকাৰৰ শাক পাচলি । ইয়াৰ উপৰিও নৱনীতাৰ ওচৰত আছে ঔষধি গুণ সম্পন্ন বিভিন্ন দেশী-বিদেশী চৰাই । যাৰ যথেষ্ট বজাৰ মুল্য আছে । ইয়াৰ ভিতৰত বিশেষকৈ টাৰ্কি, চিল্লী চিকেন, ব্লেক চিকেন, গিনি ফল, বনৰজা আৰু মচককলী পাৰ ইত্য়াদি । ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰৰ ফুলৰ লগতে ফলমূলৰ খেতিও কৰিছে নৱনীতাই ।

একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰম কৰা নৱনীতা প্ৰথম অৱস্থাত আছিল এগৰাকী নাৰ্ছ । কিন্তু সময়ৰ গতিত নৱনীতা হৈ পৰিল এগৰাকী আৰ্দশ মহিলা খেতিয়ক । ২০১০ চনত ভিনীয়েকৰ লগত কৃষি কৰ্মত জড়িত হৈ পৰাৰ পাছত হৈ পৰিল এগৰাকী স্বীকৃতপ্ৰাপ্ত আৰ্দশ খেতিয়ক ৷ ইতিমধ্যে নৱনীতাই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা লগতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ভিয়েটনামলৈ গৈ কৃষিকৰ্ম সন্দৰ্ভত প্ৰশিক্ষণ লৈ আহিছে । উল্লেখ্য যে, ২০১৮ চনত নৱনীতাই দেশৰ ভিতৰতে শ্ৰেষ্ঠ মহিলা কৃষকৰ সন্মান লাভ কৰিছিল ।

"নৱনীতা জৈৱিক ফাৰ্ম"ত উপলব্ধ ফুল
"নৱনীতা জৈৱিক ফাৰ্ম"ত উপলব্ধ বিভিন্ন প্ৰকাৰৰ শাক পাচলি আৰু উপলব্ধ চৰাই ক্ৰয় কৰিবলৈ ভিৰ কৰেহি গ্ৰাহকে । কাৰণ সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে কৰা শাক-পাচলি আৰু ফল-মূলৰ যথেষ্ট চাহিদা আছে গ্ৰাহকসকলৰ মাজত ৷ এগৰাকী যুৱতী হৈ নিজৰ লগতে আন দহ জনক জীৱিকাৰ পথ সুগম কৰি দিয়া নৱনীতা এতিয়া বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে ।
"নৱনীতা জৈৱিক ফাৰ্ম"ত ভিৰ কৰে গ্ৰাহকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.