ETV Bharat / state

Musical instrument distributed: যোৰহাট দৃষ্টিহীন বিদ্যালয়ত শিক্ষাৰ্থীলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ বাদ্যযন্ত্ৰ প্ৰদান - যোৰহাট দৃষ্টিহীন বিদ্যালয়

বুধবাৰে যোৰহাট দৃষ্টিহীন বিদ্যালয় পৰিদৰ্শন কৰাৰ পিছতে শুকুৰবাৰে পুনৰ বিদ্যালয়খনত উপস্থিত হৈ শিক্ষাৰ্থীৰ বাবে আৱশ্যক অনুসৰি বাদ্যযন্ত্ৰ প্ৰদান কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই(Musical instrument distributed by minister Pijush Hazarika) ৷

Etv Bharat
Etv Bharat
author img

By

Published : Aug 5, 2022, 10:45 PM IST

যোৰহাট, 5 আগষ্ট: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে যোৰহাট দৃষ্টিহীন বিদ্যালয় পৰিদৰ্শন কৰাৰ(Pijush Hazarika visited Blind school of Jorhat) পিছতে শুকুৰবাৰে পুনৰ বিদ্যালয়খনত গৈ উপস্থিত হয় আৰু ছাত্ৰ ছাত্ৰীসকলক প্ৰতিশ্ৰুতি দিয়া অনুসৰি বিভিন্ন বাদ্যযন্ত্ৰ আৰু আন সামগ্ৰী প্ৰদান কৰে ৷

Musical instrument distributed by minister Pijush Hazarika
যোৰহাট দৃষ্টিহীন বিদ্যালয়ত শিক্ষাৰ্থীলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ বাদ্যযন্ত্ৰ প্ৰদান

বুধবাৰে মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰোতে একাংশ ছাত্ৰ-ছাত্ৰীয়ে খোল, তবলা, হাৰমনিয়াম, গীতাৰ, কী ব'ৰ্ড আদি বাদ্যযন্ত্ৰৰ অভাৱ থকাৰ কথা প্ৰকাশ কৰিছিল । মন্ত্ৰীগৰাকীয়ে ব্যক্তিগত প্ৰচেষ্টাত শীঘ্ৰেই এই সামগ্ৰীসমূহ প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ এদিনৰ ভিতৰতে সকলো বাদ্যযন্ত্ৰ আৰু আন প্ৰয়োজনীয় সামগ্ৰীসহ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰে(Musical instrument distributed by minister Pijush Hazarika) ।

মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা বাদ্যযন্ত্ৰৰ সহায়ত কেইবাগৰাকীও দিব্যাংগ শিক্ষাৰ্থীয়ে গীত পৰিৱেশন কৰি মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে ।

বিদ্যালয়খনতে মন্ত্ৰী হাজৰিকাই আন এগৰাকী দিব্যাংগ কিশোৰীক চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহায্য প্ৰদান কৰে । মন্ত্ৰীগৰাকীয়ে যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ লগতে সকলো দিব্যাংগ শিক্ষাৰ্থীৰে উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা জনোৱাৰ লগতে বিভাগীয় মন্ত্ৰী হিচাপে তথা ব্যক্তিগত পৰ্যায়তো যিমানখিনি পাৰি সকলোখিনি কাম কৰিবলৈ প্ৰয়াস কৰিব বুলি উল্লেখ কৰে ।

ইফালে, বিদ্যালয় পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক সংগ দিয়ে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যুৱ সমাজকৰ্মী সিদ্ধাংকু অংকুৰ বৰুৱা আৰু বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ।

লগতে পঢ়ক : Presidential Election 2022 : দ্ৰৌপদী মূৰ্মুৰ বিজয়ৰ পাচত জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত বিজয় উৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.