যোৰহাট, 19 জুন: ইতিমধ্যে আমি প্ৰত্যেকটো লোকসভা সমষ্টিত এক হাজাৰতকৈও অধিক মানুহক লগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ ৷ সাধাৰণতে বিজেপিৰ মহা জন সম্পৰ্ক অভিযান সকলো সময়তে চলি আছে ৷ কিন্ত এইবাৰ বিশেষ এটা প্ৰচেষ্টা লৈছো যাতে 9 বছৰ অতিক্ৰম কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে যিখিনি কাম কৰিলে তাক ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে ৷ বিজেপিৰ মহা জন সম্পৰ্ক অভিযান সন্দৰ্ভত এই মন্তব্য ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ৷
তেওঁ লগতে কয় যে, অনাগত দিন সমূহত আমি ভাল নেতত্ব বিছাৰিছোঁ, আৰু সেই নেতৃত্ব আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰিয়তেই পাব খোজো ৷ সেইবাবেই মোদী চৰকাৰৰ উন্নয়নমূলক কাম সমূহৰ খতিয়ান ৰাইজৰ ওচৰলৈ লৈ যাব লাগিব ৷ যিমানেই আমি মানুহৰ ওচৰলৈ যাম সিমানেই আমি প্ৰতিক্ৰিয়া লাভ কৰিম, ভালে-বেয়াই আমি সমালোচনাৰ সন্মুখীন হ’ব লাগিব ৷ এই প্ৰতিক্ৰিয়া সমূহ আমি উপলব্ধি কৰি পৰৱৰ্তী সময়ত আগবাঢ়ি যাব পাৰিম বুলি কয় সাংসদ গৰাকীয়ে৷
বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ 9 বছৰ কাৰ্যকালত দেশে লাভ কৰাৰ উন্নয়ন আৰু বিকাশৰ ধাৰা ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতিৰে সমগ্ৰ দেশজুৰি বিজেপিয়ে আৰম্ভ কৰিছে মহা জন সম্পৰ্ক অভিযান ৷ ইয়াৰ ব্যতিক্ৰম নহয় অসমো ৷ ৰাজ্যজুৰি বিজেপিয়ে আৰম্ভ কৰা সম্পৰ্ক অভিযানত অংশ লৈ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ আনহাতে এই কাৰ্যসূচী লোকসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি কৰা কাৰ্যসূচী নেকি বুলি সোধা এক প্ৰশ্নত সাংসদ গৰাকীয়ে কয় যে, এই কাৰ্যসূচী নিৰ্বাচনী প্ৰচাৰ বুলি ধৰি ললে নহ’ব ৷ এই কাৰ্যসূচী চৰকাৰে যি সমূহ ভাল কাম কৰিছে তাৰ এক বিৱৰণহে ৷ লগতে তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালটো সচাঁকৈয়ে এটা ভাল লাগিবলগীয়া কাৰ্যকাল ৷
উল্লেখযোগ্য যে, যে দেওবাৰে উজনি অসম সামৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই জন সম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰে ৷ দেওবাৰে মহা জন সম্পৰ্ক অভিযানৰ অংশস্বৰূপে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে যোৰহাটৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে ৷
লগতে পঢ়ক: Bhupen Bora visits flood victims: বন্যাৰ্তৰ কাষত ৰৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ভূপেন বৰাৰ