ETV Bharat / state

Price hike in Assam: বিপজ্জনক পাম খেতিৰে মূল্যবৃদ্ধি ৰোধৰ পৰিকল্পনা বিজেপিৰ

author img

By

Published : Aug 7, 2023, 11:07 AM IST

মূল্যবৃদ্ধি হোৱাৰ কথা অৱশেষত স্বীকাৰ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কামাখ্যা প্ৰসাদ তাছাই‌ । পাম খেতিৰে মূল্যবৃদ্ধি ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ ৰাজ্য চৰকাৰৰ ৷ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে আয় বৃদ্ধি হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় সাংসদগৰাকীয়ে ।

Price hike in Assam
মূল্যবৃদ্ধি হোৱাৰ কথা স্বীকাৰ বিজেপি সাংসদৰ
মূল্যবৃদ্ধি সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কামাখ্যা প্ৰসাদ তাছাই

যোৰহাট, 7 আগষ্ট : ক্ৰমাগত হাৰত অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে সৰ্বসাধাৰণৰ ওপৰত ৷ এইবাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কামাখ্যা প্ৰসাদ তাছাই‌ ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত গেছৰ দাম বৃদ্ধি পোৱাৰ বাবেই চিলিণ্ডাৰ দাম বৃদ্ধি পাইছে বুলি কয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ।

লগতে তাছাই কয়, ভাৰতবৰ্ষত খেতি মাটিৰ সংখ্যা হ্ৰাস পাইছে । ঔদ্যোগিক ক্ষেত্ৰত যিদৰে ৰাজ্যখন আগবাঢ়িছে সেই অনুপাতে কৃষি ক্ষেত্ৰত আগৱাঢ়িব পৰা নাই বুলি উল্লেখ কৰি যি হাৰত উৎপাদন বাঢ়িব লাগে সেই হাৰত উৎপাদন বঢ়া নাই বুলিও কয় সাংসদ তাছাই । সেই অনুপাতে খাদ্য গ্ৰহণকাৰীৰ সংখ্যা অধিক বৃদ্ধি পাই আহিছে যাৰ ফলত বৃদ্ধি পাইছে সামগ্ৰীৰ দাম ৷

ৰাজ্যৰ কৃষকসকলে এডৰা মাটিত এবাৰ খেতি কৰিয়েই দায়িত্ব সামৰে, সেয়ে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি এডৰা মাটিত কেনেদৰে বহু খেতি কৰিব পাৰি তাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে । বহু কৃষকে খেতি নকৰাকৈ খেতি মাটি পেলাই থয় বুলি তাছাই কয় ৷ দাম বৃদ্ধিক লৈ চৰকাৰো চিন্তিত বুলি মত প্ৰকাশ কৰে বিজেপি ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছাই‌ ।

মিঠাতেল দাম বৃদ্ধিৰ প্ৰসংগত তাছাই পুনৰ কয় যে মিঠাতেল দাম হ্ৰাসৰ বাবে চৰকাৰে পাম অইলৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি কয় ৷ লগতে সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে আয় বৃদ্ধি হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় কামাখ্যা প্ৰসাদ তাছাই‌ । আনহাতে চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ বাবে দাম বৃদ্ধি হোৱাৰ কথা অস্বীকাৰ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত গেছৰ দাম বৃদ্ধি হোৱাৰ বাবে চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে বুলি কয় ।

উল্লেখ্য যে, পাম খেতিৰে মূল্যবৃদ্ধি ৰোধিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে ৰাজ্যত বিষয়টোৱে লাভ কৰিছে বিশেষ চৰ্চা ৷ দেশে-বিদেশে নিষিদ্ধ বিজ্ঞানসন্মতভাৱে ধ্বংসকাৰী পাম খেতি অসমত কেনেকৈ বৈধ হ’ল বুলিও প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যৰ সচেতন মহলত ৷

লগতে পঢ়ক : AICC on Bhupen Borah: সভাপতি সলনি নহয়; ভূপেন বৰাৰ প্ৰতি কংগ্ৰেছৰ সম্পূর্ণ আস্থা আছে; জিতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.