যোৰহাট,11ফেব্ৰুৱাৰী:ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত এতিয়া বিসম্বাদৰ সৃষ্টি হৈছে ৷ এই বিসম্বদ দূৰ কৰিবলৈকে বাৰেপ্ৰতি অসমলৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ বৃহস্পতিবাৰে তিতাবৰৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ৷ তদুপৰি বিজেপি 100+ মিছনত বিফল হৈছে কাৰণেই ভয়ত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ আগমণ অসমত বৃদ্ধি পাইছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ গগৈয়ে ৷
আনহাতে, সাংসদ গগৈয়ে আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনত তিতাবৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্বিতা কৰিবনে বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে যদিও মই তিতাবৰ ল'ৰা, মই তিতাবৰলৈ আহিম বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷ ইপিনে, তিতাবৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে গৌৰৱ গগৈক প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টি তিতাবৰ পৰাই প্ৰতিদ্বন্বিতা কৰাটো বিচাৰে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ ডেকা সত্ৰীয়া পদৰ নিৰ্বাচনলৈ সাজু বৰপেটা জিলা প্ৰশাসন