ETV Bharat / state

আজমলে সাম্প্ৰদায়িক মন্তব্য কৰি থকাটো বিজেপিয়ে বিচাৰে: গৌৰৱ গগৈ

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 8:06 PM IST

MP Gaurav Gogoi: বদৰুদ্দিন আজমল আৰু বিজেপিক সমালোচনা সাংসদ গৌৰৱ গগৈৰ ৷ বিজেপিয়ে এআইইউডিএফক পৰাজিত কৰিব নোৱাৰে, কংগ্ৰেছেহে অসমত সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰিব পাৰিব বুলি মন্তব্য গৌৰৱ গগৈৰ ৷

MP Gaurav Gogoi
যোৰহাটত সাংসদ গৌৰৱ গগৈ

আজমল আৰু বিজেপিক সমালোচনা সাংসদ গৌৰৱ গগৈৰ

যোৰহাট, 7 জানুৱাৰী : "এইখিনি কথা কৈ তেওঁ অসমীয়া সমাজৰ পৰা আতঁৰি গৈছে ৷ অসমৰ মানুহে তেওঁলোকক বিদায় দিব আৰু এইক্ষেত্ৰত কংগ্ৰেছৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকিব ৷" এই মন্তব্য সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ ৷ ৰাম মন্দিৰ সম্পৰ্কত সাংসদ বদৰুদ্দিন আজমলে কৰা বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷

সাংসদ গৈৰৱ গগৈয়ে কয় যে, এআইইউডিএফ অসমৰ সমাজৰ পৰা আতঁৰি গৈছে ৷ এনেধৰণৰ কথা কোৱাৰ বাবেই ভৱিষ্যতে অসমৰ মানুহে তেওঁলোকক বিদায় দিব আৰু এইক্ষেত্ৰত কংগ্ৰেছৰ যথেষ্ঠ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব ৷

তেওঁ কয় যে, সকলোৱে জানে বিজেপিয়ে এআইইউডিএফক পৰাজিত কৰিব নোৱাৰে ৷ আনকি বিজেপিয়ে বিছাৰে যে, বদৰুদ্দিন আজমলে এনেদৰে সাম্প্ৰদায়িক মন্তব্য কৰি থাকক ৷ এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰি থাকিলে বিজেপি দলে সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ সুবিধা পায় ৷ তেওঁ লগতে কয় যে, সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা কেৱল কংগ্ৰেছেহে শেষ কৰিব পাৰিব আৰু অসমৰ ৰাইজৰ আস্থা কংগ্ৰেছ দলৰ ওপৰতহে আছে ৷

উল্লেখ্য যে, আজি যোৰহাটৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই ক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ অসম আহোম সভাৰ 63 সংখ্যক কেন্দ্ৰীয় ত্ৰি-বাৰ্ষিক অধিৱেশনৰ অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে সাংসদ তথা লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈ ৷ এই অধিৱেশনত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত গগৈয়ে কয় যে, উত্তৰ-পূৱক সামৰি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিব লগা ন্যায় যাত্ৰাত চাহ শ্ৰমিকৰ সমস্যা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি অসমৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰ লগত আলোচনাত মিলিত হোৱাৰ লগতে পৰিস্থিতিৰ বুজ ল'ব ৷ এই সমস্যা সমূহে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ পাব আৰু ইয়াৰ দায়িত্ব তেওঁক দিয়া হৈছে বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক : লোকসভাৰ নিৰ্বাচনৰ বাবে অসম কংগ্ৰেছৰ নিৰ্বাচনী সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.