ETV Bharat / state

cobra de capello rescued : শংকৰৰ ঘৰত নাগৰাজৰ বাসস্থান, 30টাৰো অধিক চকৰি ফেঁটী উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 7:21 PM IST

সাপৰ সৈতে সহৱস্থান কৰা এটা পৰিয়াল ৷ মৰিয়নী হাতীজুৰি চাহ বাগিচাৰ শংকৰ বনিয়া নামৰ লোকজনৰ বাসগৃহত ওলাছে সৰু বৰ 30 টা সাপৰ পোৱালি ৷

Mariani
শংকৰৰ ঘৰত নাগৰাজৰ বাসস্থান
শংকৰৰ ঘৰত নাগৰাজৰ বাসস্থান

যোৰহাট,26 আগষ্ট: সাপৰ সৰু বৰ নাই ৷ হঠাৎ সাপ বুলি কলে আপোনাৰো ভয়-শংকা আহিব ৷ কিন্তু আপুনি শুনি আচৰিত হ’ব সাপৰ সৈতে সহৱস্থান কৰা এটা পৰিয়াল অসমত ওলাইছে ৷ তাকো চকৰি ফেঁটীৰ সৈতে সহৱস্থান কৰে পৰিয়ালটোৱে ৷ আমি ক’ব বিচৰা পৰিয়ালটো আছে মৰিয়নীৰ হাতীজুৰি চাহ বাগিচাত ৷

জানিব পৰা মতে হাতীজুৰি চাহ বাগিচাখনৰ শংকৰ বনিয়া নামৰ লোকজনৰ বাসগৃহৰ ভিতৰত বিগত কিছুদিনৰ পৰা এটা প্ৰকাণ্ড সাপে বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰি আহিছে পৰিয়ালটোৰ লোকে ৷ শংকৰ বনিয়াৰ পৰিয়ালৰ লোকে ঘৰৰ ভিতৰত সাপডাল প্ৰত্যক্ষ কৰিলে খেদি পঠিয়াই ঘৰৰ বাহিৰলৈ ৷ কিন্তু পৰৱৰ্তী সময়ত আকৌ সাপডাল বাসগৃহত প্ৰৱেশ কৰি এটা নিদিষ্ট কোঠাৰ মাটিৰ তলৰ গাঁতত আশ্ৰয় লয় ।

কিন্তু শুকুৰবাৰৰ পৰা বাসগৃহটোৰ সেই নিৰ্দিষ্টত কোঠাৰ পৰা এটা এটাকৈ সাপৰ পোৱালি ওলাই অহা প্ৰত্যক্ষ কৰে শংকৰৰ বনিয়াৰ পৰিয়ালৰ সদস্যই ৷ আনহাতে শনিবাৰে বিশেষ কোঠাটোৰ পৰা অধিক সাপৰ পোৱালি ওলোৱাত আতংকিত হৈ পৰে পৰিয়ালটো ৷ অৱশেষত সৰ্প বিশেষজ্ঞ হিচাপে খ্যাত অনিল তাছা উক্ত স্থানত উপস্থিতি হোৱাৰ পাচতে সেই বিশেষ কোঠাটোৰ পৰা সৰু বৰ প্ৰায় 30 টা চকৰি ফেঁটী সাপৰ পোৱালি উদ্ধাৰ কৰে ৷ আনহাতে কোঠাটো খন্দাৰ পাচত সাপৰ এক আৱাসস্থল উদ্ধাৰ কৰে ৷ সাপসমূহ উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়া হ’ব বুলি উল্লেখ কৰে অনিল তাছাই ৷ ইফালে সাপৰ পোৱালি চাবলৈ ভিৰ কৰে ৰাইজে ৷

পৰিয়ালটোৰ মতে, ‘‘প্ৰতিদিনে এডাল সাপ আমাৰ ঘৰত প্ৰৱেশ কাৰ আমি দেখা পাওঁ ৷ খেদি পঠিওৱা ৷ কিন্তু পিচত আহি আকৌ সেই স্থানতে থাকে ৷ আমাক একো অপকাৰ কৰা নাছিল ৷ তথাপিও ভয় লাগিছিল ৷ কিন্তু আজি ইমান সাপ ওলোৱা দেখি অধিক শংকিত হলো ৷ ’’

লগতে পঢ়ক:Boulder Pitching Collapse in Brahmaputra : ব্ৰহ্মপুত্ৰৰ বুকত বিলীন ৪ কোটিৰ শৈলস্পাৰ; বৃহত্তৰ অঞ্চললৈ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.