যোৰহাট, 26 ফেব্ৰুৱাৰীঃ বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় শ্বহীদ মণিৰাম দেৱানৰ ১৬২ সংখ্যক মৃত্যু তিথি ৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথমগৰাকী শ্বহীদ আছিল মণিৰাম দেৱান ৷ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাৰ অভিযোগত 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচী কাঠত উলমিব লগা হৈছিল এই গৰাকী সিংহ পুৰুষে ৷
মণিৰাম দেৱানৰ মৃত্যু তিথি উপলক্ষে বুধবাৰে যোৰহাটৰ চিনামৰাৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যোৰহাটৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান "দিশ"ৰ সদস্য সকলে । ধূপ, বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণেৰে "দিশে" স্মৰণ কৰে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এই গৰাকী মহান শ্বহীদ জনক ৷ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত সংগঠনটোক সহযোগ কৰে চিনামৰা চাহ বাগিচাৰ লোক সকলে ৷
অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা অসম সন্তান মণিৰাম দেৱান দত্ত বৰুৱা ওৰফে মণিৰাম দেৱানৰ সাহস আৰু ত্যাগৰ বিষয়ে নতুন প্ৰজন্মৰ আগত দাঙি ধৰাটো অতিকৈ প্ৰয়োজন বুলি মন্তব্য কৰে দিশৰ সদস্য সকলে ৷
লগতে পঢ়ক, আজি মণিৰাম দেৱানৰ মৃত্যু দিৱস