টীয়ক,1 জুন: যোৰহাট জিলাৰ টীয়কৰ কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত নিকু হাজৰিকা নামৰ এগৰাকী আশা কৰ্মীক কৰ্তব্যৰত অৱস্থাতে ৰাকেশ গুপ্তা নামৰ এজন যুৱকে দুৰ্ব্যৱহাৰ কৰাৰ লগতে অপহৰণৰ ভাবুকি প্ৰদান কৰে ৷ উক্ত ঘটনাৰ ফলত ভীতিগ্ৰস্ত আশা কর্মী গৰাকীয়ে লাহদৈগড় আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ সোমবাৰে পুনৰ বিষয়টো সম্পৰ্কত যোৰহাট জিলা আশা কৰ্মী সন্থাই লাহদৈগড় আৰক্ষী চকীত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ দাবী জনায় ৷ অৱশ্যে আৰক্ষীয়ে এই কাণ্ডত জড়িত ৰাকেশ গুপ্তা নামৰ লোকজন কোৱাৰেণ্টাইনত থকাৰ বাবে কোৱাৰেণ্টাইন সমাপ্ত হ'লে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উচিত বিচাৰ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷
লগতে চাওকঃ জাপি প্ৰস্তুতকৰণত ব্যস্ত আমগুৰীবাসী