ETV Bharat / state

Golaghat News: দেৰগাঁৱৰ প্ৰশান্ত বৰঠাকুৰৰ কাষত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য

author img

By

Published : Jul 6, 2023, 8:10 PM IST

জীৱনৰ মায়া মোহ ত্যাগ কৰি ব্ৰহ্মচাৰী জীৱন অতিবাহিত কৰা দেৰগাঁৱৰ প্ৰশান্ত বৰঠাকুৰৰ কাষত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ একালৰ সতীৰ্থ আছিল প্ৰশান্ত বৰঠাকুৰ ৷

Golaghat News
Golaghat News
দেৰগাঁৱৰ প্ৰশান্ত বৰঠাকুৰৰ কাষত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য

যোৰহাট, 6 জুলাই: দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱৰ প্ৰশান্ত বৰঠাকুৰৰ দুৰ্বিষহ জীৱন গাঁথা সম্প্ৰচাৰ হৈছিল ই টিভি ভাৰতত ৷ কটন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক এইগৰাকী প্ৰশান্ত বৰঠাকুৰে এটি উৱলি যোৱা পঁজাত অতি কষ্টৰে দিন পাৰ কৰিছিল ৷ উল্লেখ্য যে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰো সহপাঠী আছিল ব্যক্তিগৰাকী ৷

এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতেই বৃহস্পতিবাৰে প্ৰশান্ত বৰঠাকুৰৰ কাষত উপস্থিত হ’লগৈ একালৰ সহপাঠী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ লগতে ৰক্তিম ফুকন আৰু দিগন্ত ঠাকুৰ ৷ সুদীৰ্ঘ 44 বছৰ পিচত চাৰিজন সহপাঠী একেলগ হৈ স্মৃতি ৰূমন্থন কৰি নষ্টালজিক হৈ পৰাৰ লগতে আবেগিক হৈ পৰিল ৷

উল্লেখযোগ্য যে ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰীধাৰী আৰু 80 ৰ দশকৰ তেজে ধোৱা অসম আন্দোলনত অংশ লৈ নিৰ্যাতিত হৈ আঘাতপ্ৰাপ্ত প্ৰশান্ত বৰঠাকুৰে পৰৱৰ্তী পৰ্যায়ত দেৰগাঁৱৰ বামুণ গাঁৱত এটি ভগ্নপ্ৰায় পঁজাত দিন অতিবাহিত কৰি আহিছে ৷

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লৈ অধ্যয়নৰ বাবে গৈছিল গুৱাহাটী কটন কলেজলৈ । সেই সময়ত সহপাঠী হিচাপে সান্নিধ্য লাভ কৰিছিল অসমৰ প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ । 62 বছৰীয়া প্ৰশান্ত বৰঠাকুৰৰ এতিয়াৰ পৰিচয় গোলাঘাট জিলাৰ দেৰগাঁৱৰ বৰুৱাবামুণ গাঁৱৰ এজন শাক-পাচলিৰ গুটি ব্যৱসায়ী ।

জীৱনৰ মায়া-মোহ ত্যাগ কৰি ব্ৰহ্মচাৰী জীৱন অতিবাহিত কৰা উচ্চ শিক্ষিত বৰঠাকুৰে এসময়ত নাগালেণ্ড, নেপালতো শিক্ষকতা কৰিছিল । শিক্ষাৰ পোহৰ বিলোৱা মানুহজন কিন্তু আজি নিজেই অন্ধকাৰত থাকিবলগীয়া হৈছে । আনহাতে, '80-ৰ দশকৰ তেজে ধোৱা আন্দোলনৰ সাক্ষী তথা নিৰ্যাতনৰ বলি হৈ আঘাতপ্ৰাপ্ত হৈছিল প্ৰশান্ত বৰঠাকুৰ ।

লগতে পঢ়ক: Assam Movement : এগৰাকী অসম আন্দোলনৰ এগৰাকী নিৰ্যাতিতৰ কৰুণ জীৱন গাথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.