যোৰহাট, 1 এপ্ৰিল : ‘‘ৰাহুল গান্ধীক সাংসদ পদৰ পৰাৰ বহিষ্কাৰ কৰিলেও ৰাহুল গান্ধী মুখ মোডীয়ে বন্ধ কৰিব নোৱাৰে (Rahul Gandhi defamation case) ৷ পূৰ্ণ উদ্যমেৰে দেশৰ জনতা হকে মাত মাতি যাব ৰাহুল গান্ধীয়ে আৰু দেশবাসী হকে কাম কৰি যাব ৷ বৰ্তমান মোডী দেশৰ চকীদাৰ নহয়, আদানীহে চকীদাৰ ৷’’ শনিবাৰে যোৰহাট জিলা কংগ্ৰেছ ভৱনত এক সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা তথা প্ৰদেশ মহিলা কংগ্ৰেছ সাধাৰণ সম্পাদিকা শিৱামনি বৰাই (MLA Sibamoni Bora criticized Modi Govt)।
বিধায়িকা শিৱামনি বৰাই আৰু কয়, ‘‘বৰ্তমান প্ৰধানমন্ত্ৰী মোডী শাসন কালত দেশৰ গণতন্ত্ৰ খৰ্ব হৈছে ৷ সকলো সংস্থাক নিজৰ হাতৰ মুঠিত ৰাখি কাম কৰিবলৈ অগ্ৰসৰ হৈছে ৷ সেয়ে দেশ অনিশ্চয়তা দিশে গতি কৰিছে’’ ৷ তেওঁ আৰু কয়, ‘‘দেশৰ স্বাৰ্থত বিৰোধী ঐক্যবদ্ধ হৈছে ৷ কিন্তু দেশৰ স্বাৰ্থত মোডীয়ে কাম কৰাৰ পৰিৱৰ্তে আদানীক বিশ্বৰ এক নম্বৰৰ ধনী ব্যক্তি কৰাত উঠি পৰি লাগিছে ৷ আনকি পানীৰ দৰত দেশৰ সম্পদ আদানী হাতত অৰ্পণ কৰিছে মোডীয়ে’’ ৷
যোৰহাটত আয়োজিত এই সংবাদমেলতে বিধায়িকাগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰি কয়, ‘‘দ্ৰুত হাৰত খাদ্য সামগ্ৰী আদি কৰি অন্যান্য বস্তু দৰৰ অত্যাধিক হাৰত বৃদ্ধি হৈছে ৷ ফলত সাধাৰণ জনতা কোঙা হৈ পৰিছে ৷ কিন্তু এইবোৰলৈ ভ্ৰূক্ষেপ নাই মোডীৰ’’ ৷
ইয়াৰ উপৰিও ৰাহুল গান্ধীয়ে পুনৰবাৰ সদনত মোডী আৰু আদানী সম্পৰ্কে যাতে কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে, তাৰবাবেই ৰাহুল গান্ধী মোডীৰ আক্ৰোশৰ বলি হ’বলগীয়া হ’ল বুলিও এই সংবাদমেলতে মত প্ৰকাশ কৰে বিধায়িকাগৰাকীয়ে ।
উল্লেখ্য যে, 2019 চনৰ এপ্ৰিল মাহত কৰ্ণাটকৰ কোলাৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মোডী সম্প্ৰদায়ক চোৰ আখ্যা দিছিল ৰাহুল গান্ধীয়ে (Rahul Gandhi defamation case) ৷ তাৰ পাচতে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰা হৈছিল ৷ সেই গোচৰৰ আধাৰতে গুজৰাটৰ চূৰাট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি সাংসদ পদ সাৰিজ কৰে ৷ আদালতৰ এই ৰায়দানৰ পাচতেই সমগ্ৰ দেশতে কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ৷