মৰিয়নী, 8 নৱেম্বৰঃ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অৱস্থান ধৰ্মঘট ৷ এইবাৰ পুলিচৰ হকে এঘৰী যুঁজ দিবলৈ সাজু বহু বিতৰ্কিত বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ অসম আৰক্ষীৰ দুখ দুৰ্দশা লাঘৱ কৰিবলৈ ৰাজপথত নামিল বিধায়কগৰাকী ৷ অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী মৰিয়নীস্থিত অসম আৰক্ষীৰ সীমান্ত আৰক্ষী চকী (BOP) সমূহত আৰক্ষীৰ জোৱান সকলে বহু কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰি আহিছে ৷ ৰানখাম অঞ্চলত থকা সীমান্ত আৰক্ষী চকীৰ লগতে নাগিনিজান চাহ বাগিচাৰ সীমান্তত থকা আৰক্ষী চকী সমূহত বিজুলী বাতিৰ পোহৰৰ লগতে আৰু এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগা হৈছে জোৱান সকলে ৷
আনহাতে, মগৈত নগাৰ উপদ্ৰৱৰ ফলত অসমৰ মাটিতে আধাৰশিলা স্থাপন কৰা বি ও পিটোৰ নিৰ্মানকাৰ্যও আজিপৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই ৷ এই সকলোবোৰ সমস্যা সমাধানৰ লগতে সীমামূৰীয়া ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত আজি বিয়লি এক অৱস্থান ধৰ্মঘট কার্যসূচী ৰূপায়ণ কৰে মৰিয়নী বিধায়কগৰাকীয়ে ৷ প্ৰতিবাদী কার্যসূচীৰ অন্তত দণ্ডাধীশৰ জৰিয়তে অসম চৰকাৰলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰি সীমান্তৱৰ্তী অঞ্চলত থকা অসম আৰক্ষীৰ জোৱানসকলৰ এই সমস্যা সমূহ অতি শীঘ্ৰে সমাধানৰ দাবী জনাই প্ৰতিবাদ কাৰ্যসূচী সাময়িকভাবে স্থগিত ৰাখে ।