যোৰহাট, 30 নৱেম্বৰ : ভিন্ন সময়ত ভিন্ন কৰ্মৰাজিৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । এইবাৰ ৰূপজ্যোতি কুৰ্মীক দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত ৷ দুৰ্ঘটনাগ্ৰস্তক সহায় কৰি এইবাৰ চৰ্চালৈ আহিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷
মৰিয়নীৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ দাঁতিৰ ধোদৰ আলিত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মৰিয়নীৰ পৰা নকছাৰি অভিমুখী মটৰচাইকেলে গৈ থকা শিক্ষক ৰমজান আলীক একে দিশেৰে যোৱা মটৰচাইকেল আৰোহী বলদেৱ মাঝি, অমল মাঝি আৰু চুবিল কালিন্দীয়ে মহতিয়াই নিয়ে ৷
দুখন মটৰ চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত চাৰিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ উক্ত সময়তে খেল মহাৰণ অনুষ্ঠানৰ পৰা উভতি গৈ আছিল মৰিয়নীৰ বিধায়ক ৰূপজ্য়োতি কুৰ্মী ৷ দুৰ্ঘটনাত পতিত হৈ তেজেৰে ৰাঙলী হৈ থকা দুৰ্ঘটনাগ্ৰস্ত লোক কেইজনক সহায়ৰ কৰিবলৈ আগবাঢ়ি আহে বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ বিধায়ক কুৰ্মীৰ তৎপৰতাত তেওঁলোকক উদ্ধাৰ কৰি মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় ।
উল্লেখযোগ্য যে ১০৮ এম্বুলেন্স সেৱা নিৰ্ধাৰিত সময়ত উপস্থিত নোহোৱাৰ বাবে বিধায়কগৰাকীয়ে এখন ব্যক্তিগত বাহনৰ ব্যৱস্থা কৰি আঘাতপ্ৰাপ্ত লোককেইগৰাকীক মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ লৈ য়ায় । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত লোককেইগৰাকীক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷
দুৰ্ঘটনাগ্ৰস্ত চাৰিওগৰাকীয়েই কম-বেছি পৰিমানে মূৰত আঘাত পোৱা বুলি জানিবলৈ দিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ কেউজন যাতে সোনকালে আৰোগ্য হয় তাৰ কামনা কৰিছে বিধায়ক কুৰ্মীয়ে ৷
লগতে পঢ়ক : MLA Rupjyoti Kurmi : ৰূপজ্যোতি কুৰ্মীৰ বন্ধুৱে কাৰ গাত হাত তোলাৰ সম্ভাৱনা ?