ETV Bharat / state

এইবাৰ বজাৰৰ মাজত বিহুগীত জুৰিলে বিধায়ক ৰূপজ্যোতিয়ে

ৰঙালী বিহু উদযাপনৰ বাবে সাজু হৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মীও ৷ মঙলবাৰে টীয়কত বিহুৰ বজাৰ কৰিলে বিধায়কগৰাকীয়ে (Rupjyoti Kurmi at Bihu market)৷ সাংবাদ মাধ্যমৰ সন্মুখত বিহুগীত গায়ো শুনালে ৰূপজ্যোতি কুৰ্মীয়ে ৷

author img

By

Published : Apr 12, 2022, 9:11 PM IST

Bohag Bihu 2022
Bohag Bihu 2022

টীয়ক, 12 এপ্ৰিল: জানমণি তোমাৰ বাবে, নাহৰ আদি বহু বিহুগীত গোৱাৰ মন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ সকলো গাই শুনোৱা সম্ভৱ নহয় যদিও ‘‘কুঞ্জলতা কপৌফুল ফুলি আছে’’ বিহু গীতটি গাই ৰঙালী বিহুৰ শুভেচ্ছা জনালে বিধায়কগৰাকীয়ে (Rupjyoti Kurmi sings Bihu song)৷ বিহুলৈ বুলি দৈ, চিৰা, ক্ৰীম, পিঠা আদিও বজাৰ কৰিলে মৰিয়নিৰ বিধায়কগৰাকীয়ে (Rupjyoti Kurmi at Bihu market)৷

টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ উদ্যোগত তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মঞ্চত আৰু টীয়ক প্ৰেছ ক্লাৱৰ সহযোগত আয়োজন কৰা ব’হাগী মেলাত বিধায়কগৰাকী উপস্থিত হৈ বিধায়কগৰাকীয়ে বিহুৰ বজাৰ কৰা পৰিলক্ষিত হয় । পৰিবাৰ আৰু দুজনীকৈ খুলখালিলৈ চাদৰ, গহণাৰ লগতে একমাত্ৰ পুত্ৰ আৰু নিজলৈ একেই ৰঙৰ হাফ পেন্ট ক্ৰয় কৰিলে বিধায়ক ৰূপজ্যোতিয়ে ৷ ইয়াৰ লগতে জাঁজীমুখৰ এঠা দৈ, ক্ৰীমৰ লগতে বিভিন্ন সামগ্ৰী ক্ৰয় কৰে ।

বিহুগীত গাই বিহুৰ বজাৰ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে

উল্লেখযোগ্য যে, চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ হাতে প্ৰস্তুত কৰা দৈ, চিৰা, মুড়ী, ক্ৰীমকে ধৰি বিভিন্ন হস্ত নিৰ্মিত সামগ্ৰী, ইলেক্ট্ৰনিক সামগ্ৰী, জনজাতীয় খাদ্য, বস্ত্ৰ, গহণাৰ বিপনীসমূহ পৰিদৰ্শন কৰি প্ৰতিখন বিপনীতে প্ৰয়োজন মতে সামগ্ৰী ক্ৰয় কৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ দিবলৈ চেষ্টা কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: Rangali Utsav 2022 at Tingkhong: সাংস্কৃতিক মন্ত্ৰীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.