ETV Bharat / state

MLA Rupjyoti Kurmi: বিধায়ক ৰূপজ্যোতি কুৰ্মীক কৰ্মনিপুণ উপাধি প্ৰদান

বিধায়ক ৰূপজ্যোতি কুৰ্মীক (MLA Rupjyoti Kurmi) প্ৰদান কৰা হৈছে কৰ্মনিপুণ উপাধি ৷ সমাজ জীৱনলৈ বিধায়কগৰাকীয়ে আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাবে যোৰহাটৰ অগ্ৰণী সামাজিক অনুষ্ঠান ‘মানৱীয়তা-অক্লান্ত যাত্ৰা’ই প্ৰদান কৰে উক্ত উপাধি ৷

MLA Rupjyoti Kurmi
বিধায়ক ৰূপজ্যোতি কুৰ্মীক কৰ্মনিপুণ উপাধি প্ৰদান
author img

By

Published : Feb 12, 2023, 5:52 PM IST

বিধায়ক ৰূপজ্যোতি কুৰ্মীক কৰ্মনিপুণ উপাধি প্ৰদান

যোৰহাট, 12 ফেব্ৰুৱাৰী : ‘‘ক’ৰবাত মই খং-ৰাগ কৰো, ক’ৰবাত চিঞৰ-বাখৰ কৰো, প্ৰতিবাদ কৰো ৷ সেইসমূহ বাদ দি কেইটামান চাগে মানৱীয়তাৰ লগত জড়িত কামো কৰিছোঁ ৷’’ এই মন্তব্য সততে চৰ্চাত থকা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ এটা সামাজিক অনুষ্ঠানে জনোৱা ৰাজহুৱা সন্মানৰ পাচতে এইদৰে মন্তব্য কৰে বিধায়কগৰাকীয়ে (MLA Rupjyoti Kurmi)৷

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নামৰ আগত এতিয়াৰে পৰা কৰ্মনিপুণ উপাধি সংযোগ হ’ল (Karma Nipun Rupjyoti Kurmi)৷ বিগত সময়ত বিধায়কগৰাকীয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি হিচাবে যোৰহাটৰ অন্যতম অনুষ্ঠান মানৱীয়তা অক্লান্ত যাত্ৰাই প্ৰদান কৰে উক্ত উপাধি ৷ সম্বৰ্ধনা গ্ৰহণ কৰি বিধায়কগৰাকীয়ে কয়, ‘‘এই উপাধি গ্ৰহণ কৰি মই যথেষ্ট আনন্দিত ৷ মই অনুভৱ কৰো যে এই সন্মানৰ বাবে মই এতিয়াও যোগ্য হোৱা নাই ৷ বহু যোগ্য ব্যক্তি আছে ৷ ভৱিষ্যতে নিশ্চয় তেওঁলোকক এনে সন্মান জনাব ৷’’

বিধায়কগৰাকীয়ে আৰু কয় যে, তেওঁৰ 45 বছৰীয়া জীৱনকালত বহুতে দৃষ্টি নিক্ষেপ কৰি আছিল কি কৰিছে, কি নাইকৰা আদি দিশত ৷ সেই দৃষ্টিৰ ভিত্তিত দেওবাৰে তেওঁক কৰ্মনিপুণ উপাধি প্ৰদান কৰা হয় বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ লগতে বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে যে, এই পৰ্যন্ত তেওঁ 53 বাৰ ৰক্তদান কৰিছে (Blood donation by Rupjyoti Kurmi)৷ 100 বাৰ ৰক্তদান কৰাৰ ইচ্ছা থকাৰ কথাও বিধায়ক কুৰ্মীয়ে জানিবলৈ দিয়ে ৷ আনহাতে একলব্য ফাউণ্ডেশ্যনৰ (Eklavya foundation) জৰিয়তে বিধায়কগৰাকীৰ শৰীৰ দান কৰি থোৱা বুলিও জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি নেত্ৰদান কৰি থোৱা বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷

যোৰহাটৰ অগ্ৰণী অনুষ্ঠান ‘মানৱীয়তা-অক্লান্ত যাত্ৰা’ৰ সৌজন্যত দেওবাৰে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠিত প্ৰীতি ভৰা এবেলা শীৰ্ষক এক অনুষ্ঠানৰ জৰিয়তে সমাজলৈ অনবদ্য অৱদান আগৱঢ়োৱা কেইবাজনো বিশিষ্ট ব্যক্তিক সন্মান আৰু সম্বৰ্ধনা জনোৱা হয় ৷ এই অনুষ্ঠানতে মৰিয়নি সমষ্টি বিধায়ক ৰূপজ্যোতি কুৰ্মীক কৰ্মনিপুণ উপাধি প্ৰদান কৰাৰ হয় । বিধাকগৰাকীৰ উপৰিও সংগীত ক্ষেত্ৰলৈ বিশেষ অৱদান আগৱঢ়োৱা দিহানামৰ সাধক যতীন্দ্ৰনাথ বৰাক দিহাগুৰু উপাধি প্ৰদান কৰা হয় ৷ আনহাতে এই অনুষ্ঠানতেই সমাজৰ বিভিন্ন স্তৰত আগৱঢ়োৱা সেৱা আৰু অৱদান বাবে ত্ৰিশগৰাকী পুৰোধা ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ।

উল্লেখ্য যে, সমাজৰ প্ৰকৃত উন্নয়ণৰ স্বাৰ্থত নীতি আৰু আদৰ্শৰে পৰিপূৰ্ণ কেইগৰাকীমান ব্যক্তিৰ সংঘবদ্ধ প্ৰচেষ্টাত সাংস্কৃতিক ৰাজধানী যোৰহাটত ২০২২ বৰ্ষত ‘মানৱীয়তা-এক অক্লান্ত যাত্ৰা’ নামৰ এটা অনুষ্ঠানে আত্মপ্ৰকাশ কৰিছিল । সমাজৰ দুখ আৰু যন্ত্ৰণা মোচনৰ মহান স্বাৰ্থত আত্মপ্ৰকাশ কৰাৰ অনুষ্ঠানটোৱে আজি অথাৎ দেওবাৰে প্ৰীতিভৰা এবেলা শীৰ্ষক অনুষ্ঠানতেই এইসকল সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগৱঢ়োৱা লোকক কৰ্মনিপুণ, দিহাগুৰু উপাধি প্ৰদান কৰাৰ লগতে কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ।

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ অনুষ্ঠিত আড়ম্বপূৰ্ণ অনুষ্ঠানটোত শ্ৰীশ্ৰী মায়ামৰা পুৰণি মাটি সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ গোস্বামী, জেষ্ঠ অধিবক্তা ভৱ গোস্বামী, যোৰহাট জিলা অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, মহাকাশ বিজ্ঞানী ড৹ প্ৰণৱজ্যোতি চেতিয়া, যোৰহাট চিকিৎসা মহাবিদ্যাল প্ৰতিষ্ঠাকালৰ উপ-অধীক্ষক তথা চিকিৎসক ডাঃ মিৰান্দা দত্ত লগতে কৰ্মনিপুণ উপাধি লাভ কৰা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক: Tailor free sevices to traffic: সাধাৰণ হৈও অসাধাৰণ; যান-বাহনৰ আৰক্ষীৰ ভূমিকাত এজন দৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.