ETV Bharat / state

Durga puja 2023: বলপূৰ্বক চান্দা সংগ্ৰহৰ কথা সংবাদ মাধ্যমৰ আগত ক’লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

মহাষষ্ঠীৰ দুপৰ নিশা মৰিয়নীৰ কেনেডি পাৰ্ক সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত উপস্থিত হয় মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । অতীত সুঁৱৰি নষ্টালজিক হৈ পৰে বিধায়কজন ৷

MLA Rupjayti kurmi at mariani puja mandap
বিধায়ক ৰূপজ্যোতি কুৰ্মী
author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 1:53 PM IST

বলপূৰ্বক ছান্দা সংগ্ৰহৰ কথা সংবাদ মাধ্যমৰ আগত ক’লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

মৰিয়নী, 21 অক্টোবৰ: ক'ৰ পৰা বলপূৰ্বকভাৱে চান্দা সংগ্ৰহ কৰিছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ এইকথা নিজেই প্ৰকাশ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিয়নী সমষ্টিটো দুৰ্গোৎসৱক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ।

মহাষষ্ঠীৰ দুপৰ নিশা মৰিয়নীৰ কেনেডি পাৰ্ক সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত উপস্থিত হয় মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । তাৰ পিছতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কেনেডি পাৰ্ক সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপ উদ্ধোধন কৰে আৰু মাৰ চৰণত আশীষ গ্ৰহণ কৰে । আনহাতে, ষষ্ঠীৰ দিনা পূজাস্থলীত উপস্থিত থাকি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক চান্দা সংস্কৃতি নাইকিয়া কৰিবৰ বাবে গ্ৰহণ কৰা পদক্ষেপক শলাগ লয় ৷

কুৰ্মীয়ে কয়, "দুৰ্গা পূজা আয়োজনক লৈ একাংশই চান্দা সংস্কৃতিৰ আশ্ৰয় লয় আৰু এই চান্দা সংস্কৃতি নাইকিয়া কৰিবৰ বাবে প্ৰত্যেকখন পূজা সমিতিক এককালীন সাহাৰ্য হিচাপে দহ হাজাৰ টকাকৈ অনুদান দিয়াৰ বাবে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ।"

লগতে বিধায়কগৰাকীয়ে এই সন্দৰ্ভত নিজা অভিজ্ঞতা সুৱঁৰি কয়, "মই সৰুকালৰে পৰাই দুৰ্গা পূজা আয়োজনত ব্যস্ত আছিলো আৰু সেই সময়ত দান বৰঙনি বিচাৰিছিলো, সুন্দৰ আৰু আকৰ্ষণীয় ৰূপত পূজা পতাৰ ইচ্ছা থকা বাবে দান বৰঙনি বিচাৰিলো ৷ কোনো লোকে সেই দান বৰঙণি দিবলৈ অমান্তি হ'লে টানকৈ কথা শুনাইছিল আৰু বলপূৰ্বক বৰঙনি সংগ্ৰহ কৰিছিলো ।

উল্লেখ্য যে, ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক উখল মাখল পৰিৱেশৰ আৰু তাৰ সমান্তৰালভাবে অসম আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থাও অধিক কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Prasanta Phukan inaugurates Puja mandap : ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টি পূজা মণ্ডপত বিধায়ক প্ৰশান্ত ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.