ETV Bharat / state

Constituency Delimitation : নিৰ্বাচনী আয়োগে নহয়, চাৰিজন মানুহে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে; অখিল গগৈ - MLA Akhil Gogoi Reacts Over Syndicate in Assam

শুকুৰবাৰে তিতাবৰত উপস্থিত হৈ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মন্তব্য কৰে ৷ চৰকাৰৰ এজেণ্টগিৰি কৰে নিৰ্বাচন আয়োগে বুলি মন্তব্য বিধায়জনৰ ৷

Assam Constituency Delimitation
নিৰ্বাচনী আয়োগক সমালোচনা বিধায়ক অখিল গগৈৰ
author img

By

Published : Aug 11, 2023, 7:34 PM IST

Updated : Aug 11, 2023, 7:59 PM IST

তিতাবৰত বিধায়ক অখিল গগৈ

যোৰহাট, 11 আগষ্ট : " ইলেকশ্যন কমিছন অব ইণ্ডিয়া মানে এতিয়া বিজেপি কমিছন অব ইণ্ডিয়া ৷ এতিয়া বিজেপিৰ সংস্থাৰ নিচিনাকৈ কাম কৰে, চৰকাৰৰ এজেণ্টগিৰি কৰে নিৰ্বাচন আয়োগে ৷" এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ৷ শুকুৰবাৰে তিতাবৰত উপস্থিত হৈ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত এইদৰে মন্তব্য কৰে ৷

বিধায়কজনে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত 11 দলীয় মৰ্চাই দিয়া গোচৰত চূড়ান্ত খচৰা প্ৰকাশৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে যদিও স্থগিতাদেশ দিয়া নাছিল, কিন্তু ন্যায়লয়ৰ নিৰ্দেশত স্পষ্ট ভাষাৰে কোৱা হৈছে যে, এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো সংবিধান সন্মতভাৱে হোৱা নাই যেন অনুভৱ কৰা গৈছে ৷ তাৰ পাছত যদি নিৰ্বাচন আয়োগ নিৰপেক্ষ হ’লহেতেন তেতিয়া আয়োগে কেতিয়াও সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা তেতিয়ালৈকে প্ৰকাশ নকৰিলেহেঁতেন যেতিয়ালৈকে ন্যায়ালয়ে এটা চূড়ান্ত ৰায় নিদিয়ে ৷ কিন্তু যিহেতু ইলেকশ্যন কমিছন অব ইণ্ডিয়া মানে এতিয়া বিজেপি কমিছন অব ইণ্ডিয়া, সেয়েহে সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকাখন এনেকৈ প্ৰকাশ কৰিবলৈ লৈছে বুলি কয় নেতাজনে ৷

তেওঁ পুনৰ কয় যে, এইকেইদিন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দিল্লীলৈ গৈ নিৰ্বাচন আয়োগৰ সৈতে কথা পাতি সমষ্টি তেওঁৰ মতে নিৰ্ধাৰণ কৰি আছে ৷ নিৰ্বাচনী আয়োগে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা নাই ৷ ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে চাৰিজন মানুহে; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰীকা, অশোক সিংহল আৰু অকনমাণ পৰিমাণে জড়িত হৈ আছে জয়ন্ত মল্ল বৰুৱা বুলি মন্তব্য কৰে বিধায়কজনে ৷

আনহাতে অসমত তৈল খেজুৰৰ খেতি কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ ওপৰতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক অখিল গগৈয়ে ৷ ৰাইজৰ দলে অসমত পাম অইলৰ খেতি নিষিদ্ধ কৰাৰ ঘোষণা কৰাটো বিছাৰে বুলি কয় তেওঁ ৷

পাম অইল কেৱল অসমৰ কাৰণে নহয় ই বিশ্বৰ প্ৰকৃতিৰ কাৰণে ভয়ংকৰ বুলি কৈ ৰাইজৰ দলে অসমত এই খেতি নিষিদ্ধ কৰিব লাগে বুলি উল্লেখ কৰে তেওঁ ৷ বিধায়কজনে কয় য়ে, অসমৰ মাটিত ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰামদেৱ বা আন আন বহিৰাগত কোম্পানীক মাতি আনি অসমীয়া জাতিটোক চিৰকালৰ বাবে অন্যায় কৰিব বিচাৰিছে ৷ সেয়েহে অসমৰ ৰাইজে পাম অইল খেতিৰ বিৰুদ্ধে মাত মাতিব লাগে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতিজনে ৷

ইফালে অসমৰ প্ৰতিটো প্ৰান্তৰৰ বাট-পথ এতিয়া বিধ্বস্ত ৷ বিশেষকৈ গাঁৱৰ পথ সমূহ বোকাময় ৷ চৰকাৰখনে ঢাক-ঢোল পিটি পইচা খৰছ কৰিছে, বিহু পাতি ধন খৰছ কৰিছে, কেবিনেট মিটিং দিল্লীত পাতি টকা খৰচ কৰিছে, মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত উঠি পইচা খৰছ কৰিছে, কিন্তু যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে তেওঁ ৷ লগতে অসমত সকলো ধৰণৰ ছিণ্ডিকেট চলিছে বুলি মন্তব্য কৰে বিধায়কজনে ৷ কয়লা, চুপাৰি, কাঠৰ ছিণ্ডিকেট চলিছে, লগতে গৰু-ম’হ,শাক পাচলি, আপেল আদিটো ছিণ্ডিকেট চলিছে ৷ অসমৰ মুখ্যমন্ত্ৰীয়েই এই ছিণ্ডিকেটত জড়িত আছে বুলি অভিযোগ কৰি অখিল গগৈয়ে কয় যে, ছিণ্ডিকেটৰ বাবেই অসমত এতিয়া প্ৰতিটো বস্তুৰ দাম বৃদ্ধি হৈছে ৷

লগতে পঢ়ক : Ripun Bora slams PM: প্ৰধানমন্ত্রীৰ ভাষণত প্ৰতিফলিত হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা উদাসীনতা; ৰিপুন বৰা

Last Updated : Aug 11, 2023, 7:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.