ETV Bharat / state

Golaghat Engineering College : গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগৰ ৷ বগৰীজেংস্থিত অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী তথা মহাবিদ্যালয়খনৰ সমস্যাৰ বুজ লয় মন্ত্ৰী দুগৰাকীয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 9:22 PM IST

Minister Ranoj Pegu and Ajanta Neog
গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়
গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰীৰ

যোৰহাট, 16 ছেপ্টেম্বৰ : গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিদৰ্শন ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগৰ ৷ গোলাঘাটৰ বগৰীজেংস্থিত অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী তথা মহাবিদ্যালয়খনৰ সমস্যাৰ বুজ লয় মন্ত্ৰী দুগৰাকীয়ে ৷ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে মহাবিদ্যালয়খনৰ সমস্যা সমূহ সমাধানৰ আশ্বাস শিক্ষামন্ত্ৰী আৰু স্থানীয় বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগৰ ৷

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই অৱশেষত গোলাঘাটৰ বগৰীজেংস্থিত অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত হ’ল শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু স্থানীয় বিধায়িকা তথা ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ ৷ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ খোৱাপানীৰ ব্যৱস্থা, অনিয়মীয়া বিদ্যুৎ যোগান, অপৰিস্কাৰ পৰিৱেশ, লাইব্ৰেৰী, ইণ্টাৰনেট আদি বিভিন্ন সমস্যা সমাধানৰ দাবীত তিনিদিন ধৰি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ আছিল বিশেষকৈ বিদ্যুৎ আৰু খোৱাপানীৰ সমস্যাৰ বাবে তেওঁলোক শিক্ষাগ্ৰহণ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ৷ বাৰম্বাৰ মহাবিদ্যালয় কৰ্তৃপক্ষৰ আগত বিষয়টো অৱগত কৰাৰ পিছতো কৰ্তৃপক্ষই বিষয় সমূহ গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে ৷ তিনিদিন ধৰি মহাবিদ্যালয়খনত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু জিলা উপায়ুক্তৰ বুজনিত প্ৰতিবাদ স্থগিত ৰাখিল ছাত্ৰ-ছাত্ৰীসকলে ৷

অৱশেষত শনিবাৰে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰলৈ সমস্যা সমূহৰ বুজ ল’বলৈ আহিল ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু বিত্তমন্ত্ৰী ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অধ্যক্ষ, শিক্ষক-শিক্ষয়ত্ৰী আৰু কৰ্মচাৰীসকলৰ মতামত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে ৷ লগতে মহাবিদ্যালখনত বৰ্তমান বিশেষ কোনো ডাঙৰ সমস্যা নাই, আৰু যি সমূহ সমস্যা আছে সেই সকলোবোৰ শীঘ্ৰেই সমাধান কৰাৰ কথা কয় ৷

শিক্ষামন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সকলো সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ ইফালে শিক্ষামন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰাৰ পিছতেই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ এইসমূহ সমস্যা সমাধান হ’ব বুলি আশা প্ৰকাশ কৰিছে শিক্ষাৰ্থীসকলে ৷

লগতে পঢ়ক : Climate Change in Assam : জলবায়ু পৰিৱৰ্তনৰ কৱলত অসম; বিধানসভাত উদ্বেকজনক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.