ETV Bharat / state

Minister Atul Bora at Dhekiakhuwa: ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত কৃষি মন্ত্ৰী অতুল বৰা - পঞ্চায়ত নিৰ্বাচন

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হয় ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা ৷ নামঘৰত উপস্থিত থকা নামঘৰ পৰিচালনা সমিতিৰ সদস্য তথা ৰাইজৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰীজনে ৷

Minister Atul Bora Visits Dhekiakhuwa Bornamghar
ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত কৃষিমন্ত্ৰী অতুল বৰা
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 5:44 PM IST

ঢেকীয়াখোৱা বৰনামঘৰত কৃষি মন্ত্ৰী অতুল বৰা

টীয়ক, 9 ছেপ্টেম্বৰ : শুকুৰবাৰে টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হয় ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা ৷ বৰনামঘৰত উপস্থিত হৈ মন্ত্ৰীজনে ধূপ, চাকি, নৈবদ্য আগবঢ়াই অক্ষয় বন্তিৰ আশীষ গ্ৰহণ কৰে ৷ লগতে নামঘৰত উপস্থিত থকা নামঘৰ পৰিচালনা সমিতিৰ সদস্য তথা ৰাইজৰ সৈতে বাৰ্তালাপ কৰে ৷

ইফালে সাংবাদিকৰে হোৱা কথা-বতৰাত অতুল বৰাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ অসম গণ পৰিষদৰ দীৰ্ঘদিনীয়া দাবী আছিল ৷ খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ অৰ্থে এই দাবী উত্থাপন কৰিছিল অসম গণ পৰিষদে ৷ আৰু আজি সেই দাবী পূৰণ হ'ল আৰু খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হৈছে ৷ সমষ্টিৰ আকাৰ সলনি হ'লেও ক্ষতি হোৱাৰ কোনো সম্ভাৱনা নাই ৷ লগতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতীক চিহ্ন নথকাক লৈয়ো গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী অতুল বৰাৰ ৷

মন্ত্ৰীজনে জনায় যে জিলা পৰিষদ আৰু আঞ্চলিক সদস্যৰ পঞ্চায়ত নিৰ্বাচন দলীয় চিহ্নত হ'ব যদিও পঞ্চায়ত সভাপতিৰ নিৰ্বাচন পোনপটীয়া ভাৱে নহয় ফলত পোনপটীয়া ৰাজনীতি কৰিব নোখোজা সমাজকৰ্মী, অভিজ্ঞ ব্যক্তিয়েও প্ৰতিদ্বন্দিতা কৰিবলৈ ইচ্ছুক হ’ব আৰু সমাজখন ৰাজনৈতিকভাৱে আগুৱাই নিবলৈ সক্ষম হ’ব ৷ ইফালে লোকসভাত এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থীয়েই নহয় প্ৰতিনিধিত্ব থাকিব কিন্তু ক'ৰ পৰা কোন প্ৰাৰ্থী হ’ব আৰু কেইখন আসনত প্ৰতিনিধিত্ব কৰিব আজিৰ দিনত সিদ্ধান্ত হোৱা নাই বুলি সদৰি কৰি এক দেশ এক নিৰ্বাচন সম্পৰ্কত তেওঁ বিশেষ অৱগত নহয় বুলি মত প্ৰকাশ কৰে ৷ লগতে বৰ্তমান খেতি পথাৰত চৰহা পোকে ধান খেতি নষ্ট কৰা সম্পৰ্কতো কেতবোৰ প্ৰয়োজনীয় ব্যৱস্থা ইতিমধ্য গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই ৷

লগতে পঢ়ক : Bihu Distortion in G20 : বিহু নৃত্যৰ বিকৃতকৰণ; ক্ষোভত ফাটি পৰিল জয়ন্ত নাথ আৰু প্ৰসেনজিৎ লাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.