যোৰহাট, 14 আগষ্ট: যোৰহাটত বিভাজন বিভীষিকা স্মৃতি দিৱসত অংশগ্ৰহণ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog) ৷ যোৰহাট জিলা প্ৰশাসনে দেওবাৰে যোৰহাট থিয়েটাৰ হলত আয়োজন কৰা বিভাজন বিভীষিকা স্মৃতি দিৱসত অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে (Minister Ajanta Neog attends Partition Commemoration Day)৷
এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে ৷ ১৯৪৭ চনৰ দেশ বিভাজনৰ বিভীষিকাময় পৰিস্থিতিত মৃত্যুবৰণ কৰা আৰু নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হৈ পৰা লোকসকলৰ স্মৃতি সোঁৱৰি পালন কৰা উক্ত দিৱসৰ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৷
এই অনুষ্ঠানত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ এক কাৰ্যসূচীও অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত যোৰহাট কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সৌমিত্ৰ পূজাৰীয়ে সভ্যতা সংস্কৃতিত চহকী ভাৰতবৰ্ষক বিট্ৰিছে দ্বিখণ্ডিত কৰি বিভাজন কৰা পৰিস্থিতিৰ বিষয়ে বিষদভাৱে বৰ্ণনা কৰি ভাষণ প্ৰদান কৰে ৷
এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত গোস্বামী,আৰক্ষী অধীক্ষক মোহনলাল মীনা, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, অতিৰিক্ত উপায়ুক্তদ্বয় অৰুণ ব্ৰহ্ম আৰু দামোদৰ বৰ্মন, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে জিলাখনৰ বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক: স্বাধীনতা দিৱসৰ ছেলফী পঠাওক আমালৈ