টীয়ক, ১ জুন: টীয়ক আৰক্ষী আৰু লাহদৈগড় আৰক্ষীয়ে যুটীয়া অভিযান । সোমবাৰে নিশা কাকজান বাম কুকুৰাচোৱাত অভিয়ান চলাই বৃহৎ পৰিমাণৰ ঔষধ জব্দ কৰে অভিযানকাৰী দলটোৱে । পৱন তামুলী ওৰফে বাবুল নামৰ ব্যক্তিজনৰ ঘৰত ঔষধ মজুত থকাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলায় ।
এই অভিযানত বহু পৰিমাণৰ ঔষধ, চেলাইন, চিৰিঞ্জ আদি জব্দ কৰে আৰক্ষীয়ে । অনুজ্ঞা পত্ৰবিহীনভাৱে ঔষধখিনি মজুত কৰি ৰাখিছিল পৱন তামুলীয়ে । অভিযুক্ত পৱনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে, তেওঁ অনুজ্ঞা পত্ৰ অবিহনেই ঔষধখিনি মজুত ৰাখিছিল আৰু প্ৰয়োজন সাপেক্ষে বিভিন্ন লোককো প্ৰদান কৰিছিল ।
পূৰ্বে এখন ফাৰ্মাচীত কাম কৰিছিল পৱনে । আনহাতে, ঔষধ উদ্ধাৰ কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে কাকজানত ।
লগতে পঢ়ক:নাহৰকটীয়াত পিঞ্জৰাবদ্ধ নাহৰফুটুকী