ETV Bharat / state

হাতে হাতে চাউলৰ টোপোলা লৈ পিয়াঁজ বিচাৰি ওলাল ৰাইজ - বিজেপি বিধায়ক

টীয়কত প্ৰতিবাদ ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে ৷ চাউলৰ টোপোলা লৈ প্ৰতিবাদ সাব্যস্ত ৰাইজৰ ৷

massive-protest-in-jorhat-district-teok
হাতে হাতে চাউলৰ টোপোলা লৈ টীয়কত প্ৰতিবাদ
author img

By

Published : Nov 7, 2020, 12:42 PM IST

যোৰহাট, 7 নৱেম্বৰ : মূল্যবৃদ্ধিক লৈ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে কৰা মন্তব্যক লৈ টীয়কত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ শনিবাৰে টীয়কৰ দোকানৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে সাধাৰণ জনতাই ৷ উল্লেখ্য যে, বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ চাউলৰ বিনিময়ত পিয়াঁজ পাব বুলি মন্তব্য প্ৰদান কৰিছিল । বিধায়ক গৰাকীৰ বিনামূলীয়া চাউল দোকানত দি মূল্যবান পিয়াঁজ লাভ কৰিব বুলি কোৱা মন্তব্যৰ পিচত শনিবাৰে পুৱা জগদুৱাৰ বাগিচাৰ সমীপৰ এখন গেলামালৰ দোকানত গাঁৱৰ সাধাৰণ জনতাই হাতে হাতে চাউলৰ টোপোলা লৈ আহি বিনিময়ত পিয়াঁজ বিচাৰি অতিষ্ঠ কৰে দোকানীক ।

হাতে হাতে চাউলৰ টোপোলা লৈ টীয়কত প্ৰতিবাদ

বিজেপিৰ জ্যেষ্ঠ বিধায়ক গৰাকীৰ এনে মন্তব্যই গ্ৰাম্যাঞ্চলৰ প্ৰতিজন জনতাক চৰম অপমান কৰিছে আৰু জনপ্ৰতিনিধি সকলৰ এনে আচৰণে গণতন্ত্ৰত কালিমা সানিছে বুলি অনুভৱ কৰি ৰাইজক বিপথে পৰিচালিত নকৰিবলৈ সাধাৰণ ৰাইজে আহ্বান জনাইছে । লগতে, তেওঁক বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : একাংশৰ বাবে সোণৰ কণী পৰা হাঁহ হৈছে নেকি অৰুণোদয় আঁচনি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.