যোৰহাট, 30 নৱেম্বৰ : সোমবাৰে যোৰহাটত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত হয় অগ্নিকাণ্ডৰ ৷ যোৰহাট পাৰিজাত নগৰৰ ৰাজীৱ মজুমদাৰ নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ডৰ ৷ ঘটনাস্থলীত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱালৈ সক্ষম হয় যদিও অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি ৷

আনহাতে, অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱা নাই যদিও জুই কাষৰ আন দুটা বাসগৃহলৈ বিয়পি যায় ৷
লগতে পঢ়ক : মাঞ্জাত বাছ-টেংকাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৪ জন