ETV Bharat / state

যোৰহাট নগৰত অধিক কঠোৰ ৰূপত প্ৰশাসনৰ লগতে যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী - compulsory

ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে যোৰহাট জিলা প্ৰশাসনে কিছু বিশেষ নীতি নিৰ্দেশনাৰে জিলাখনত বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিছে আনলক প্ৰক্ৰিয়া । কিন্তু এই নীতি নিৰ্দেশনাক গুৰুত্ব নিদি একাংশ লোকে যোৰহাট চহৰত ঘূৰি ফুৰিছে অনায়াসে । অৱশেষত এই সকলক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে ল'লে কঠোৰ পদক্ষেপ । বিশেষকৈ ৰাজহুৱা বাহনৰ চলাচলৰ ক্ষেত্ৰত জাৰি কৰা নতুন নিৰ্দেশনা নমনা একাংশক যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে বিহিলে জৰিমনা ।

massive fine by jorhat traffic police
যোৰহাট নগৰত অধিক কঠোৰ ৰূপত প্ৰশাসনৰ লগতে যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী
author img

By

Published : Jul 23, 2020, 2:15 PM IST

Updated : Jul 24, 2020, 12:01 AM IST

যোৰহাট,২৩জুলাই: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ যোৰহাট জিলাতো মহামাৰী ক'ৰণাৰ সংক্ৰমণ ভয়াবহ ভাৱে বৃদ্ধি পাই আহিছে । জিলাখনত আৰম্ভ হোৱা এই ভয়াবহ সংক্ৰমণক নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰশাসন, আৰক্ষী তথা স্বাস্থ্য বিভাগে অতি সচেতনতাৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । ইয়াৰ বিপৰীতে জিলাখনৰ একাংশ লোকৰ মাজত এই পৰ্যন্ত অহা নাই কোনো সচেতনতা ।

ইফালে বৃহস্পতিবাৰৰ পৰা জিলা প্ৰশাসনে বিশেষ নীতি নিৰ্দেশনাৰে জিলাখনত আৰম্ভ কৰিছে আনলক প্ৰক্ৰিয়া । আন লকৰ এই সময় চোৱাত জৰুৰীকালিন সেৱাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া বিশেষ নীতি নিৰ্দেশনাক পালন কৰি দুচকীয়া অথবা চাৰি চকীয়া বাহন চলাবৰ বাবে সুবিধা প্ৰদান কৰিছে । কিন্তু কৰ্মচাৰী সকলে বাহন চলোৱাৰ সময়ত পৰিধান কৰিব লাগিব মাস্ক, আৰু লগত থাকিব লাগিব পৰিচয় পত্ৰ । আনহাতে প্ৰশাসনে যিবোৰ ৰাজহুৱা বাহনৰ চলাচলৰ ব্যৱস্থা কৰিছে, তাতো যাত্ৰীৰ লগতে চালক পৰিচালক সকলোৱে ইজনে সিজনৰ লগত দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।

massive fine by jorhat traffic police
যোৰহাট নগৰত অধিক কঠোৰ ৰূপত প্ৰশাসনৰ লগতে যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী

কিন্তু প্ৰশাসনৰ এই নিৰ্দেশনা সমূহ মানিবলৈ যেন আগ্ৰহী নহয় যোৰহাটৰ একাংশ জনসাধাৰণ, চালক তথা পৰিচালক। ফলত আৰক্ষীয়ে বাধ্য হৈ ল'ব লগীয়া হৈছে কঠোৰ ব্যৱস্থা । বৃহস্পতিবাৰে এইসমূহ লোকক নাকী লগাবলৈ যোৰহাট নগৰত পূৰ্বতকৈ অধিক কঠোৰ হৈ নামি পৰিল জিলাখনৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী । নীতি নিৰ্দেশনা নমনা সকলক বিহিলে জৰিমনা ।

প্ৰশাসন তথা আৰক্ষীৰ এনে স্থিতিৰ পিছতো যদিহে নগৰ খনৰ লগতে সমগ্ৰ জিলাবাসীয়ে প্ৰশাসনৰ নীতি নিৰ্দেশনাক অমান্য কৰি ওলাই আহে তেনেহলে অতি শীঘ্ৰে সমগ্ৰ জিলাখনত ক'ৰণাৰ সংক্ৰমণে যে ভয়াবহ ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত ।

Last Updated : Jul 24, 2020, 12:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.