যোৰহাট, 17 নৱেম্বৰঃ আজিৰে পৰা নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধৰ ঘোষণা মৰিয়নীৰ বিভিন্ন দল সংগঠনৰ ৷ মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই অবৈধ ভাৱে নিৰ্মান কৰা নগা আৰক্ষী চাউনি উৎখাত কৰাৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, চুতীয়া ছাত্ৰ সন্থা,আটাছু,বীৰ লাচিত সেনা,বৃহত্তৰ নাগাজাংকা যুৱ সমাজ,টি এম পি কেৰ লগতে মৰিয়নীৰ ৰাইজে ৷ মৰিয়নীৰ নিউ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ সমীপত ৰূপায়ণ কৰা এই পথ অৱৰোধ কাৰ্যসূচীত অসমৰ ভূমিৰ পৰা নগা আৰক্ষীৰ চাউনি উঠাই নিনিয়া পৰ্যন্ত অৰ্থনৈতিক অৱৰোধ অব্যহত থকাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ মৰিয়নীৰ বিভিন্ন দল সংগঠনৰ - অৰ্থনৈতিক অৱৰোধ
মৰিয়নীত নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতি,চুতীয়া ছাত্ৰ সন্থা, আটাছুকে ধৰি বিভিন্ন দল সংগঠনৰ ৷ অসমৰ ভূমিত নগাই অবৈধভাৱে স্থাপন কৰা আৰক্ষী চাউনী উৎখাত কৰাৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷