মৰিয়নী,3 মাৰ্চঃ মঙলবাৰে নিশা মৰিয়নীৰ সঞ্জয় আগৰৱালা নামৰ ব্যৱসায়ী জনৰ ঘৰত সংঘটিত হয় ডকাইতি কাণ্ড ৷ ডকাইতৰ গুলিত আঘাতপ্ৰাপ্ত হয় সঞ্জয় ৰয় নামৰ এজন সহায়ক ৷ কেইবাজাই গুলি ফুটাই আঁতৰি যায় ডকাইতৰ দলটো ৷ ইয়াৰ উপৰিও ব্যৱসায়ী সঞ্জয় আগৰৱালা ঘৰৰ পৰা কেইবা লক্ষাধিক টকা আৰু সোণৰ গহনা লুটি নিয়ে ডকাইতৰ দলটোৱে ৷ চৰকাৰী কোনো বিভাগৰ পৰা ঘৰত তালাচী চলোৱাৰ নামত সঞ্জয় আগৰৱালাৰ ঘৰত সোমাইছিল ডকাইতৰ দলটো ৷ আৰক্ষীৰ সন্মুখটো দুই জাই গুলি ফুটাই পলায়ন কৰে ডকাইতৰ দলটোৱে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে মৰিয়নী আৰক্ষীয়ে ৷
মৰিয়নীত চাঞ্চল্যকৰ ডকাইতি - মৰিয়নীত চাঞ্চল্যকৰ ডকাইতি
মঙলবাৰে নিশা মৰিয়নীৰ সঞ্জয় আগৰৱালা নামৰ ব্যৱসায়ীৰ ঘৰত সংঘটিত হয় ডকাইতি কাণ্ড ৷ ডকাইতৰ গুলিত আঘাতপ্ৰাপ্ত হয় সঞ্জয় ৰয় নামৰ এজন সহায়ক ৷ কেইবাজাই গুলি ফুটাই আঁতৰি যায় ডকাইতৰ দলটো ৷