মৰিয়নি,17 ডিচেম্বৰ: সোমবাৰে বিয়লি মৰিয়নিৰ সোণোৱাল চাহ বাগিচাৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় বিজেপিৰ সাংগঠনিক সভা। এই সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ আলোক কুমাৰ ঘোষকে আদি কৰি জিলা বিজেপিৰ বহু কাৰ্যকৰ্তাই অংশ গ্ৰহণ কৰে ৷
মৰিয়নিত সাংগঠনিক সভালৈ আহি থকা পথত ছাত্ৰ সন্থাই ক'লা পতাকাৰে উষ্ম আদৰণি জনাই সভাপতি ৰঞ্জিত দাসক ৷ তিতাবৰত অনুষ্ঠিত এক অনুষ্ঠান সম্পূৰ্ণ কৰি ধোদৰ আলি হৈ মৰিয়নী অভিমুখী হৈছিল ৰাজ্যিক সভাপতি গৰাকী । কিন্তু মৰিয়নীৰ সমীপৰ নগাধূলি আৰু নতুনমাটিত 'কা' বিৰোধী কেইবাটাও সংগঠনৰ লোকে প্ৰতিবাদ কৰিব বুলি আগতীয়াকৈ গম পাই সভাপতি গৰাকীৰ গাড়ী আদবাটৰ পৰাই পলায়ন কৰি এক ভিতৰুৱা পথৰে সভালৈ ৰাওনা হয় । কিন্তু তাৰ পাছতো প্ৰতিবাদকাৰীৰ কলা পতাকাৰ সন্মুখীন হ'ল সভাপতি গৰাকী । স্বভাৱসুলভ ভাৱে প্ৰতিবাদকাৰীক গামোচা দেখুৱাই বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ।
উল্লেখ্য যে,দলীয় সাংগঠনিক সভাখনত আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ হিচাপে মৰিয়নীৰ বিজেপিৰ প্ৰাৰ্থীক মন্ত্রিত্বৰ পদ দিব বুলি আনুষ্ঠানিকভাবে ঘোষণা কৰে সভাপতি ৰঞ্জিত কুমাৰ দাসে ।
লগতে পঢ়ক:আৰম্ভ হ’ল বিজেপিৰ ‘মিছন 100’