যোৰহাট, ৯ ডিচেম্বৰ : যোৰহাটত আজৱ ঘটনা (Mysterious incident in Jorhat)। ডি ভোটাৰ সজাই মাজুলীৰ বিপুল বৰা নামৰ এজন লোকক জেললৈ প্ৰেৰণ কৰিলে যোৰহাট বিদেশী ন্যায়াধীকৰণে (Majuli man sent to jail on charges of foreigners)। জেলত দুদিন থাকি অৱশেষত জামিন পালে লোকজনে । সমগ্ৰ ঘটনাক লৈ যোৰহাট আৰু মাজুলীত চাঞ্চল্যৰ সৃষ্টি হৈছে । জেলৰ পৰা ওলাই আহি চকুলো টুকিলে ভুক্তভোগী লোকজনে । মাজুলীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে লোকজনে ।
জানিব পৰা মতে মাজুলীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ডি ভোটাৰ সজাইছিল জেংৰাইমুখৰ ফুটচাং গাঁৱৰ বিপুল বৰাক । ইতিমধ্যে গোচৰ সন্দৰ্ভত যোৰহাট বিদেশী ন্যায়াধীকৰণত শুনানি চলি আছে । ইয়াৰ মাজতে তেওঁক জেললৈ প্ৰেৰণ কৰে ন্যায়াধীকৰণে ।
যোৰহাট বিদেশী ন্যায়াধীকৰণত চলি থকা এফ টি এম জে এল (ডি)১৫/২০১৯ নম্বৰৰ গোচৰৰ ভিত্তিত মাজুলী জিলাৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত ফুটচাং গাঁৱৰ নিবাসী প্ৰয়াত লোকনাথ বৰাৰ ৩ গৰাকী কন্যা আৰু ৫ গৰাকী পুত্ৰৰ ভিতৰত কণিষ্ঠ পুত্ৰ বিপুল বৰাক ডি ভোটাৰ তথা বিদেশী সজাই জেল হাজোতলৈ প্ৰেৰণ কৰে । পৰিয়ালৰ সকলো সদস্যৰে ভোটাৰ তালিকাত নাম শুদ্ধকৈ সন্নিৱিষ্ট হৈ আছে যদিও আশ্চৰ্যজনকভাৱে কেৱল বিপুল বৰাকহে ডি ভোটাৰ হিচাপে পৰিগণিত হোৱা বিষয়টোৱে মাজুলীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ হেমাহিকে প্ৰমাণ কৰিছে । আনহাতে 2021 চনৰ বিধানসভা নিৰ্বাচনত বিপুল বৰাই ভোটাধিকাৰ সাব্যস্ত কৰিছিল ।
শুকুৰবাৰে আদালতে ২০ হাজাৰ টকাৰ বিনিময়ত বিপুল বৰাক ব্যক্তিগত জামিন মঞ্জুৰ কৰে যদিও এই গোচৰ প্ৰক্ৰিয়া ভৱিষ্যতেও বাহাল থাকিব বুলি অধিবক্তাই জানিবলৈ দিয়ে (Majuli man gets personal bail for Rs 20000 fine)। ইফালে সমগ্ৰ ঘটনাক লৈ মাজুলী আৰু যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । এগৰাকী খিলঞ্জীয়াক বিদেশী সজোৱা কাৰ্যক একাংশ লোকে গৰিহনা প্ৰদান কৰিছে ।
লগতে পঢ়ক :Drugs mafia arrested : আৰক্ষীৰ জালত MOST WANTED ড্ৰাগছ মাফিয়া বিল্লাল