ETV Bharat / state

বুল্লী বাই এপৰ মূল ষড়যন্ত্ৰকাৰীক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ - main culprit of bulli bai app arrested from jorhat

দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীক অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে (main culprit of bulli bai app arrested) । দিল্লী আৰক্ষীৰ এটা অভিযানকাৰী দলে বৃহস্পতিবাৰে যোৰহাট আৰক্ষীৰ সহযোগত বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰে ৷

bulli bai app
বুল্লী বাই এপৰ মূল ষড়যন্ত্ৰকাৰীক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ
author img

By

Published : Jan 6, 2022, 2:21 PM IST

যোৰহাট, 6 জানুৱাৰী : দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীক অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । দিল্লী আৰক্ষীৰ এটা অভিযানকাৰী দলে বৃহস্পতিবাৰে যোৰহাট আৰক্ষীৰ সহযোগত বুল্লী বাই নামৰ এপটোৰ মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰে (main culprit of bulli bai app arrested) ।

ধৃত বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীজন নীৰজ বিষ্ণৈ বুলি আৰক্ষীয়ে জনাইছে । বুল্লী বাই এপৰ মূল ষড়যন্ত্ৰকাৰী নীৰজ বিষ্ণৈক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দিল্লীলৈ নিয়ে ।

উল্লেখ্য যে, দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই এপটো ইতিমধ্যে চৰকাৰে বন্ধ কৰিছে । এই এপটোৰ জৰিয়তে মুছলমান সম্প্ৰদায়ৰ বিভিন্ন মহিলা তথা বিশিষ্ট মহিলা সমাজকৰ্মী, সাংবাদিকসকলৰ ফটো আপলোড কৰি সম্মান হানি কৰাৰ বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছিল । এই সন্দৰ্ভত দেশৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক : Anti drugs mission in Darrang : দৰং আৰক্ষীয়ে জব্দ কৰিলে 2.10 কিল’গ্ৰাম গাঞ্জা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.