যোৰহাট,৫ মাৰ্চ: যোৰহাট সুৰা ট্ৰেজেদীৰ লগত জড়িত মহেশ ৱাৰীয়াক যোৰহাট জিলাৰ মুখ্য ন্যায়াধীশৰ ওচৰত হাজিৰ ।
সুৰা ঘটনাৰ পাচৰ পৰা আত্মগোপন কৰি থকা যোৰহাটৰ চাৰিজনকৈ লালীগুৰ ব্যৱসায়ীৰ ভিতৰত জোনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মহেশ ৱাৰীয়াক । উল্লেখ্য যে, ৪ মাৰ্চত জোনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহেশ ৱাৰীয়াক । কিন্তু বৰ্তমানেও আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি আছে আন তিনিজন লালীগুৰ ব্যৱসায়ী ।
ইতিমধ্যে ভোগদৈ আৰক্ষীয়ে লালীগুৰ ব্যৱসায়ী মহেশ ৱাৰীয়াৰ ওপৰত ভাৰতীয় দণ্ডবিধী আইন অনুযায়ী 120/B/420/188 ধাৰাত গ্ৰেপ্তাৰ কৰি যোৰহাট জিলা মুখ্য ন্যায়াধীশৰ ওচৰত হাজিৰ কৰে । উল্লেখ্য যে,বিষাক্ত সুৰা ট্ৰেজেদীত ইতিমধ্যে বহু কেইজন লোকৰ মৃত্যু হোৱাৰ পাচত লালীগুৰ নিষিদ্ধ ঘোষণা কৰে ৰাজ্যচৰকাৰে ।