ETV Bharat / state

টীয়কত এক  ব্যতিক্ৰমী অনুষ্ঠানে মন্ত্ৰমুগ্ধ কৰিলে ৰাইজক - চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়

মাতৃ সুৰক্ষা, অন্ধ বিশ্বাস, আৰু সামাজিক ব্যাধি দূৰীকৰণ, নিচাযুক্ত হানিকাৰক দ্ৰব্য নিবাৰণ ইত্যাদি‌ উদেশ্যৰে "মা" অনুষ্ঠান সুদীৰ্ঘ 28 টা বছৰে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি আহিছে গোবিন বৰদলৈয়ে ৷

একোখনকৈ তামোল আৰু এপদ বস্ত্ৰ দানেৰে ব্যতিক্ৰমী 'মা' শীৰ্ষক অনুষ্ঠান
author img

By

Published : Jun 27, 2019, 4:06 PM IST

টীয়ক, 27 জুন: টীয়কৰ চি কে বি মহাবিদ্যালয়ত অনুষ্ঠিত 'মা' শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানে মুহিলে টীয়কবাসীক ৷ এক আবেগিক পৰিৱেশত বৃদ্ধা মাতৃসকলক একোখনকৈ তামোল আৰু এপদ বস্ত্ৰেৰে সেৱা লয় এজন ব্যক্তিয়ে ৷ লক্ষীমপুৰ নকাড়ীৰ মেচাৰ্চ জি বৰদলৈ এন্টাৰ প্ৰাইজৰ স্বাত্বাধিকাৰী গোবিন বৰদলৈৰ 'মা" শীৰ্ষক অনুষ্ঠানে টীয়ক চন্দ্ৰ কমল বেজবৰুৱাৰ মহাবিদ্যালয়ত উপস্থিত সকলোৰে অন্তৰ চুই যায় ৷ উল্লেখ্য যে, চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ সৌজন্যত গোবিন বৰদলৈৰ পৃষ্ঠপোষকতাত 'মা" অনুষ্ঠানৰ সজাগতা সভা তথা সেৱা অনুষ্ঠান বৃহস্পতিবাৰে আয়োজন কৰা হয় মহাবিদ্যালয় খনৰ প্ৰেক্ষাগৃহত ৷ মাতৃ সুৰক্ষা,অন্ধ বিশ্বাস,আৰু সামাজিক ব্যাধি দূৰীকৰণ,নিচাযুক্ত হানিকাৰক দ্ৰব্য নিবাৰণ ইত্যাদি‌ উদেশ্যৰে "মা" অনুষ্ঠানটো সুদীৰ্ঘ 28 টা বছৰে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি আহিছে গোবিন বৰদলৈয়ে ৷ চি কে বি মহাবিদ্যালয়ত আয়োজিত প্ৰায় তিনি শতাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত টীয়ক অঞ্চলৰ প্ৰায় 70 গৰাকী বৃদ্ধাক একোখনকৈ বস্ত্ৰ দিয়াৰ লগতে অনুষ্ঠানৰ শেষত সকলোকে সেৱা আগবঢ়াই গোবিন বৰদলৈয়ে ৷

Intro:Body:টীয়কৰ চিকেবি মহাবিদ্যালয়ত অনুষ্ঠিত ব্যতিক্ৰমী 'মা' অনুষ্ঠানে মুহিলে টীয়কবাসীক
TEOK: এখন ৰাজহুৱা সভাত শ্ৰুতাৰ আসনত বহি থকা বৃদ্ধা মাতৃসকলক একোখনকৈ তামোল আৰু এপদ বস্ত্ৰেৰে সেৱা লৈছে এজন ব্যক্তিয়ে।কান্দোনত ভাগি পৰিছে উপস্থিত সকলো ৰাইজ।এক আবেগিক পৰিবেশত সকলোৰে চৰণ চুই সেৱা লৈছে এইজন ব্যক্তিয়ে।কিন্তু কিয়?কোন হয় এই ব্যক্তিজন ? হয়, লক্ষীমপুৰ নকাড়ীৰ মেচাৰ্চ জি বৰদলৈ এন্টাৰপ্ৰাইজৰ স্বাত্বাধিকাৰী গোবিন বৰদলৈৰ 'মা" শীৰ্ষক অনুষ্ঠানে টীয়ক চন্দ্ৰ কমল বেজবৰুৱাৰ মহাবিদ্যালয়ত উপস্থিত সকলোৰে অন্তৰ চুই যাবলৈ সক্ষম হৈছে। উল্লেখ্যযে চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ সৌজন্যত গোবিন বৰদলৈৰ পৃষ্ঠপোষকতাত 'মা" অনুষ্ঠানৰ সজাগতা সভা তথা সেৱা অনুষ্ঠান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।যি সময়ত এই যান্ত্ৰিককতাৰ পৃথিৱীত নিজক বাদ দি আনৰ কথা ভাবিবলৈকে কাৰো সময় নাই, ব্যস্ততাৰ অজুহাত দেখুৱাই বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ কেৱল টকাৰ পাছত দৌৰাৰ অঘোষিত প্ৰতিযোগিতাত সকলো নামি পৰিছে তেনে সময়ত  মাতৃ সুৰক্ষা, অন্ধ বিশ্বাস, আৰু সামাজিক ব্যাধি দূৰীকৰণ, নিচাযুক্ত হানিকাৰক দ্ৰব্য নিবাৰণ ইত্যাদি‌ উদেশ্যৰে "মা" অনুষ্ঠান জন্ম দিয়া গোবিন বৰদলৈয়ে সুদীৰ্ঘ ২৮ টা বছৰে এই অনুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি আহিছে। পিতৃ মাতৃৰ সেৱাই উত্তম সেৱা বুলি গণ্য কৰি নৱ প্ৰজন্মক অভিভাৱকৰ প্ৰতি দায়বদ্ধতা উমান দিবলৈকে এই অনুষ্ঠান তেওঁ এককভাৱে সমগ্ৰ অসমতে কৰি আছে বুলি মন্তব্য কৰিছে। প্ৰায় তিনি শতাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত টীয়ক অঞ্চলৰ প্ৰায় ৭০ গৰাকী বৃদ্ধাক একোখনকৈ বস্ত্ৰ দি অনুষ্ঠানৰ শেষত গোবিন বৰদলৈয়ে সকলোকে সেৱা আগবঢ়ায়‌। গোবিন বৰদলৈয়ে জানিবলৈ দিয়ে যে মাতৃৰ আৰ্শীবাদ অবিহনে আমি জীৱনত আগবাঢ়িব নোৱাৰো। বস্ত্ৰ প্ৰদান কৰা মোৰ উদেশ্য নহয় নৱ প্ৰজন্মক পিতৃ- মাতৃৰ প্ৰতি অধিক দায়বদ্ধ কৰাৰ উদেশ্যৰে মই এই অনুষ্ঠান কৰিছো আৰু মাতৃ সকলক মোৰ ফালৰ পৰা এটা সামান্য উপহাৰ আগবঢ়াইছো। মনকৰিবলগীয়া যে গোবিন বৰদলৈৰ দেউতাক পেচাত এজন চাইকেল মিস্ত্ৰী আৰু মাকে আনৰ ঘৰত কাম বন কৰি নানা দুখ কষ্টেৰে পৰিয়ালটিক প্ৰতিপালন কৰিছিল আৰু তেওঁ বাল্যকালৰে পৰা মাতৃৰ সন্তানৰ প্ৰতি থকা দায়ৱদ্ধতা উপলব্ধি কৰিছিল সেয়ে সৰুৰে পৰাই নিজেও কিবা এটা উপাৰ্জন কৰি পিতৃ মাতৃক আৰ্থিক কিছু সকাহ দিবলৈ চেষ্টা কৰিছিল যদিও মাত্ৰ ১৭ বছৰ বয়ষতে এক বৈদ্যুতিক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱাৰ ফলত জীৱনৰ কেইবাটাও অমূল্য বছৰ বিচনাতে শুই পাৰ কৰিবলগীয়া হৈছিল।অৱশ্যে গোবিন বৰদলৈয়ে একমাত্ৰ মাতৃৰ আৰ্শীবাদ শিৰত লৈ বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে মনৰ জোৰত মৃত্যুকো জিনি মাত্ৰ তিনিশ পচ্ছিছ টকাৰে স্বাধীন ব্যৱসায় আৰম্ভ কৰি তাৰ জৰিয়তে বৰ্তমান তেওঁৰ লগতে আৰু ত্ৰিশটাকৈয়ো অধিক পৰিয়ালৰ অন্নদাতা হিচাপে বিবেচিত হৈছে। মাতৃ সমাজৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাবেই গোবিন বৰদলৈয়ে অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে এই সজাগতা অনুষ্ঠান আয়োজন কৰি সমগ্ৰ মাতৃসকলৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে।নিজৰ কষ্টেৰে উপাৰ্জিত ধনৰ এটা অংশই বছৰৰ এঘাৰটা মাহতে মাতৃসমাজৰ বাবে কৰা এই বিৰল অনুষ্ঠান আজিৰ প্ৰেক্ষাপটত সচাকৈ অতি আদৰণীয় হৈ পৰিছে।প্ৰতিটো খোজতে শৰীৰত বিষ অনুভৱ কৰা,ভালকৈ এশমিটাৰো খোজ কাঢ়িব নোৱাৰাৰ সত্তেও তথা শাৰীৰিক অসুস্থতাৰ পাছতো বৰদলৈয়ে নিজে গাড়ী চলাই সমগ্ৰ অসমতে সমাজৰ বাবে কৰা তেওঁৰ এই সজ কৰ্মক সকলো ৰাইজে একেমুখে শলাস লৈছে আৰু তেওঁৰ এই অবিৰাম যাত্ৰা সফল কামনা কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.