ETV Bharat / state

লক ডাউন2.0 : আবদ্ধ জনতাৰ নিজ নিজ গৃহলৈ প্ৰত্যাগমন

অসমৰ বিভিন্ন ঠাইত কৰ্মসূত্ৰে থকা লোকসকলক শনিবাৰে চৰকাৰৰ নিৰ্দেশনামৰ্মে জিলা প্ৰশাসনে অসম পৰিবহন নিগমৰ বাছেৰে নিজ নিজ বাসগৃহলৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ আগন্তুক 27 এপ্ৰিললৈকে প্ৰশাসনে গ্ৰহণ কৰিব এই ব্যৱস্থা ৷ উজনিৰ যোৰহাটৰ পৰা আৰম্ভ কৰি নামনিৰ বৰাক উপত্যকালৈকে বিভিন্ন জিলাত আবদ্ধ লোকসকলক নিজ নিজ গৃহলৈ গমনৰ সুবিধা প্ৰদান কৰে জিলা প্ৰশাসনসমূহে ৷

author img

By

Published : Apr 25, 2020, 10:02 PM IST

আবদ্ধ জনতাৰ নিজ নিজ গৃহলৈ প্ৰত্যাগমন
আবদ্ধ জনতাৰ নিজ নিজ গৃহলৈ প্ৰত্যাগমন

নিউজ ডেস্ক, 25 এপ্ৰিল : বিভিন্ন ঠাইত এমাহ ধৰি আবদ্ধ হৈ এতিয়া নিজ নিজ গৃহলৈ যাবলৈ সুযোগ লাভ কৰিছে অসমৰ বিভিন্ন ঠাইত কৰ্মসূত্ৰে থকা লোকসকলে । লকডাউনৰ মাজতে বিভিন্ন স্থানত আবদ্ধ হৈ থকা লোকসকলক শনিবাৰে চৰকাৰৰ অনুমতিমৰ্মে জিলা প্ৰশাসনে অসম পৰিবহন নিগমৰ বাছেৰে নিজ নিজ বাসগৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰে ৷ উল্লেখ্য যে, আগন্তুক 27 এপ্ৰিললৈকে প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিব ৷ লগতে সকলো আবদ্ধ লোককে বাছত প্ৰৱেশ কৰাৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু মাস্ক, ছেনিটাইজাৰ প্ৰদান কৰা হয় ৷

আবদ্ধ জনতাৰ নিজ নিজ গৃহলৈ প্ৰত্যাগমন

উজনিৰ যোৰহাটত আবদ্ধ হৈ থকা লোকসকলে শিৱসাগৰ, ডিব্ৰুগড় আৰু নগাঁও জিলাৰ নিজ নিজ বাসগৃহলৈ গমন কৰা বুলি জানিব পৰা গৈছে ৷ কিন্তু যোৰহাটৰ পৰা কাষৰীয়া জিলাৰ মাত্ৰ ২০০ কিলোমিটাৰ দূৰত্বলৈহে যাব পাৰিব আবদ্ধ লোকসকল ৷ উল্লেখ্য যে, আগন্তুক তিনিদিনৰ ভিতৰত যোৰহাটৰ পৰা ২০০০ জন লোক নিজ নিজ ঘৰলৈ ৰাওনা হ’ব। অৱশ্যে ৰেড জ’ন জিলাসমূহৰ পৰা কোনো লোক যোৰহাটত প্ৰৱেশ কৰিব নোৱাৰিব বুলি যোৰহাট জিলা উপায়ুক্ত বিপুল দাসে জানিবলৈ দিয়ে ৷

আবদ্ধ জনতাৰ নিজ নিজ গৃহলৈ প্ৰত্যাগমন

ধেমাজিৰ পৰা ২৩৫ জন লোকক বিভিন্ন স্থানলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ধেমাজি জিলা প্ৰশাসনে ৷ জিলা প্ৰশাসনৰ পৰিবহন বিভাগে পৰিবহন নিগম বাছ আস্থানৰ পৰা বিভিন্ন বাছেৰে শিৱসাগৰ, যোৰহাট, লখিমপুৰ, তেজপুৰ আদিলৈ যাত্ৰীসকলক নিয়াৰ ব্যৱস্থা কৰে ৷ উল্লেখ্য যে, দূৰণিবটীয়া গুৱাহাটী তথা অন্য স্থানলৈ দেওবাৰেহে ধেমাজিৰ নিৰ্মীয়মান বাছ টাৰ্মিনাছৰ পৰা আবদ্ধ লোকসকলক লৈ যোৱাৰ ব্যৱস্থা কৰিব ৷

আবদ্ধ জনতাৰ নিজ নিজ গৃহলৈ প্ৰত্যাগমন

উজনিৰ লগতে বৰাক উপত্যকাতো প্ৰায় এমাহ ধৰি আবদ্ধ হৈ থকা সহস্ৰাধিক লোকক নিজ নিজ ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । শিলচৰ পৰিবহন নিগম বাছ আস্থানৰ পৰা কৰিমগঞ্জত আবদ্ধ হৈ থকা 78 জন লোকক আৰু ডিমা হাছাওত আবদ্ধ 77 জনক কাছাৰ জিলা প্ৰশাসনিক অধিকাৰীসকলে নিজ নিজ ঘৰলৈ পঠিয়াই দিয়ে ৷ চৰকাৰে প্ৰথম দফাত কৰিমগঞ্জ,কাছাৰ, হাইলাকান্দি আৰু ডিমাহাছাওত আবদ্ধসকলক ঘৰলৈ যাবলৈ সুবিধা প্ৰদান কৰে ।

আবদ্ধ জনতাৰ নিজ নিজ গৃহলৈ প্ৰত্যাগমন

ইফালে বিশ্বনাথ জিলাৰ বিহালীত আবদ্ধ হৈ থকা ২৭০০ জন ইটাভাটা শ্ৰমিকক বিশ্বনাথ জিলা প্ৰশাসনে স্বাস্থ্য পৰীক্ষা কৰাই ১০১ খন বাছেৰে নিজ গৃহ জিলালৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ ৪০ টা ইটাভাটাত আবদ্ধ হৈ থকা শ্ৰমিকসকলক বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়া আব্দুল কালাম আৰু বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ শইকীয়াৰ উপস্থিতিত নথি-পত্ৰসমূহ পৰীক্ষা কৰাই প্ৰতিখন বাছত ২৫/২৭ জন শ্ৰমিকক বহাই নিজ গৃহলৈ যাবলৈ অনুমতি দিয়ে । আনহাতে এই ২৭০০ জন শ্ৰমিকক বিশ্বনাথ মহকুমা স্বাস্থ্য বিষয়া ডাঃ জে চি বেইৰ নেতৃত্বত ৩ টা স্বাস্থ্য কৰ্মী দলে পৰীক্ষা কৰাই প্ৰতিজন শ্ৰমিকক মাস্ক বিতৰণ কৰি সামাজিক দূৰত্ব বজাই ৰাখি বহিবলৈ পৰামৰ্শ দিয়ে ৷ এই শ্ৰমিককেইজন বৰপেটা আৰু বঙাইগাঁৱলৈ যাব বুলি উল্লেখ কৰে জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ শইকীয়াই জানিবলৈ দিয়ে ৷

আবদ্ধ জনতাৰ নিজ নিজ গৃহলৈ প্ৰত্যাগমন

নামনি অসমৰ বঙাইগাঁও জিলাতো বঙাইগাঁও জিলা প্ৰশাসনে চুবুৰীয়া পাঁচ খন জিলা ক্ৰমে চিৰাং, বাক্সা, বৰপেটা, ধুবুৰী আৰু গোৱালপাৰাৰ আবদ্ধ হৈ পৰা লোকসকলক নিজ ঘৰলৈ যাবলৈ সুবিধা প্ৰদান কৰে ৷ বঙাইগাঁও জিলা উপায়ুক্ত এম এচ লক্ষ্মীপ্ৰিয়াই আনুষ্ঠানিকভাৱে এই অনুমতি প্ৰদান কৰে । আবদ্ধ হৈ থকা লোকসকলক জিলা সদৰ গান্ধী ময়দানত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে পৰিবহন নিগমৰ বাছেৰে নিজ নিজ জিলালৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : নাৰী দেহ ব্যৱসায়ীৰ কৱলত অসমৰ নাবালিকা, HIVত আক্ৰান্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.