ETV Bharat / state

আমগুৰিত আবকাৰী বিভাগৰ অভিযানত সুৰাভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Jan 19, 2020, 11:33 PM IST

37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত জাঁজীত দেওবাৰে পুৱতি নিশা জব্দ হয় এখন সুৰা ভৰ্তি ট্ৰাক । প্ৰায় ১৬০০ কাৰ্টুন অৰুণাচলী সুৰা সহ এই ট্ৰাকখন অৰুণাচলৰ নাহৰলগুনৰ ফ্ৰণ্টিয়াৰ ডিষ্টিলেৰী প্ৰাইভেট লিমিটেডৰ পৰা মাধৱপুৰ অভিমুখে গৈ আছিল ৷

টীয়ক
সুৰাভৰ্তি ট্ৰাক জব্দ

আমগুৰি আৰু টীয়ক, ১৯ জানুৱাৰীঃ দেওবাৰে পুৱতি নিশা চোৰাংচোৱাৰ গোপন সূত্ৰৰ ভিত্তিত গোলাঘাট সদৰ আৰু আমগুৰি আবকাৰীৰ যৌথ অভিযানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত জাঁজীত জব্দ হয় এখন সুৰা ভৰ্তি ট্ৰাক । প্ৰায় ১৬০০ কাৰ্টুন অৰুণাচলী সুৰাসহ এই ট্ৰাকখন অৰুণাচলৰ নাহৰলগুনৰ ফ্ৰণ্টিয়াৰ ডিষ্টিলেৰী প্ৰাইভেট লিমিটেডৰ পৰা মাধৱপুৰ অভিমুখে গৈ আছিল ৷ ঘটনা সন্দৰ্ভত এন এল-02 এন-3462 পঞ্জীয়ন নম্বৰৰ অন্তৰ্গত ট্ৰাকখন আবকাৰী বিভাগে জব্দ কৰি অনুসন্ধান অব্যাহত ৰাখিছে । লগতে গাড়ীখনৰ চালক অৰবিন্দ সিঙক আটক কৰা হৈছে ।

সুৰাভৰ্তি ট্ৰাক জব্দ

ইফালে টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত ৰাজৈ অঞ্চলৰ এজন অসাধু ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ দেশীয় আৰু বিলাতী সুৰা জব্দ কৰ লাহদৈগড়ৰ আৰক্ষীয়ে ৷ দীৰ্ঘদিনৰ পৰা ৰাকেশ গুপ্তা নামৰ ব্যৱসায়ীজনে চলাই আহিছিল অবৈধ সুৰাৰ ৰমৰমীয়া বেহা । লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেশ দত্তৰ নেতৃত্বত এটি দলে হাতে -লোটে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে । ব্যৱসায়ীজনে স্বীকাৰ কৰা মতে, উক্ত অঞ্চলত এক বৃহৎ চক্ৰই অবৈধভাৱে সুৰাৰ বেহা চলাই আহিছে । ইতিপূৰ্বেও ব্যৱসায়ীজনক কেইবাবাৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও আদালতৰ পৰা জামিন লৈ মুকলি হৈ পুনৰ এই ব্যৱয়ায় আৰম্ভ কৰে ৷

টীয়কত জব্দ সুৰা

লগতে চাওকঃৰঙা চিলিণ্ডাৰে জ্বলা-কলা খুৱাইছে বঙাইগাঁৱবাসীক

Intro:Body:আমগুৰি, ১৯ জানুৱাৰী:

আমগুৰিৰ জাঁজীত জব্দ ১৬০০ কাৰ্টুন অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক ।
Slug : Amguri_Liquor seized
O.C.+V.O. : আজি পুৱতি নিশা গুৱাহাটীস্থ আবকাৰী চোৰাংচোৱাৰ (E.B.I.) গোপন সূত্ৰৰ ভিত্তিত গোলাঘাট সদৰ আৰু আমগুৰি আবকাৰীৰ যৌথ অভিযানত আমগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাঁজীত জব্দ হয় এখন সুৰা ভৰ্তি ট্ৰাক । ১৬০০ কাৰ্টুন অৰুণাচলী সুৰাসহ এই ট্ৰাকখন অৰুণাচলৰ নাহৰলগুনৰ “FRONTIER DISTILLERY Pvt. Ltd.” পৰা মাধৱপুৰৰ “LEKONG BONDED WAREHOUSE” লৈ পথোৱা হৈছিল । বিভাগীয় চোৰাংচোৱাৰ গোপন সূত্ৰৰ ভিত্তিত এই NL-02 N-3462 পঞ্জীয়ণ নম্বৰৰ ট্ৰাকখন আবকাৰী বিভাগে ইতিমধ্যে জব্দ কৰি অনুসন্ধান জাৰী ৰাখিছে । গাড়ীখনৰ লগতে আবকাৰী বিভাগে চালক অৰবিন্দ সিঙক আটক কৰিছে ।
Bite 1 : Amguri Excise
Bite 2 : Golaghat Excise
Bite 3 : Local

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.