ETV Bharat / state

৫০০০ হাজাৰ বন্তিৰে উজ্বলি উঠিল ঐতিহাসিক ৰাজমাও পুখুৰী

author img

By

Published : Dec 2, 2020, 10:22 PM IST

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ ঐতিহ্যমণ্ডিত ৰাজমাও পুখুৰীৰ পাৰত, ৰাজমাও পুখুৰী সুৰক্ষা সমিতি আৰু যোৰহাট পৌৰসভাৰ যৌথ উদ্যোগত উদযাপন কৰে অসম দিৱস।

৫০০০ হাজাৰ বন্তিৰে উজ্বলি উঠিল ঐতিহাসিক ৰাজমাও পুখুৰী
৫০০০ হাজাৰ বন্তিৰে উজ্বলি উঠিল ঐতিহাসিক ৰাজমাও পুখুৰী

যোৰহাট,2 ডিচেম্বৰঃ আজি বৰ অসমৰ ভেটি গঢ়োতা চাও লুঙ চুকাফা দিৱস তথা অসম দিৱস । সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ ঐতিহ্যমণ্ডিত ৰাজমাও পুখুৰীৰ পাৰত, ৰাজমাও পুখুৰী সুৰক্ষা সমিতি আৰু যোৰহাট পৌৰসভাৰ যৌথ উদ্যোগত উদযাপন কৰে অসম দিৱস ।

উল্লেখযোগ্য যে, চুকাফা দিৱসৰ দিনটোত ৫০০০ গছি বন্তি প্ৰজ্বলনেৰে উজ্বলি উঠে ৰাজমাও পুখুৰীৰ চাৰিও কাষ । অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটোত উপস্থিত থাকে যোৰহাটৰ জিলা উপায়ুক্ত, পৌৰসভাৰ বিষয়ববীয়া, অতিৰিক্ত উপায়ুক্তৰ লগতে ৰাজমাও পুখুৰীৰ সুৰক্ষা সমিতিৰ বিষয়ববীয়া সকল । সম্পূৰ্ণ ক’ভিড-19ৰ প্ৰটক’ল মানি আয়োজন কৰা অনুষ্ঠানটোত উপস্থিত থাকিল যোৰহাটৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক ব্যক্তি ।

একেদৰে অনুষ্ঠানত ভাষণ প্ৰসংগত হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৰাজমাও পুখুৰীৰ সুৰক্ষাৰ লগতে ইয়াক পৰ্যটন স্থলীলৈ উন্নতি কৰণৰ বাবে গ্ৰহণ কৰা পৰিকল্পনাৰ কথাও উল্লেখ কৰে ।

লগতে পঢ়কঃ নগাঁৱত স্মৰণ বৃহত্তৰ অসমীয়া জাতি গঢ়োতা চাও লুঙ চুকাফাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.