ETV Bharat / state

টীয়কত ৰাইজৰ মাজত এলইডি বাল্ব বিতৰণ

বিজুলী নিয়ন্ত্ৰণৰ বাবে টীয়কত অন্যতম সামাজিক সন্থা 'সেৱা'ই দেখুৱাইছে এক আদৰ্শ ।

টীয়কত  কংগ্ৰেছৰ সম্পাদিকা পল্লবী গগৈৰ  এলইডি বাল্ব বিতৰণ

author img

By

Published : Oct 3, 2020, 8:49 PM IST

টীয়ক, 3 অক্টোবৰ: বিজুলী যাতে অপব্যৱহাৰ নহয় বা উচিত ব্যৱহাৰ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি টীয়কৰ অন্যতম সামাজিক সংস্থা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা পল্লবী গগৈৰ সহযোগত সমষ্টিটোৰ প্ৰতিঘৰৰ পৰিয়াললৈ এলইডি বাল্ব বিতৰণৰ ব্যৱস্থা কৰিছে।

উল্লেখযোগ্য যে, বিশেষকৈ গ্ৰাম্যাঞ্চলত এতিয়াও বহু পৰিয়ালে অৰ্থৰ অভাৱত অধিক বিজুলী সৰবৰাহ কৰা ফিলামেন যুক্ত বাল্ব ব্যৱহাৰ কৰে । সেয়ে সেই পৰিয়ালসমূহেও যাতে সুলভ মূল্যত এলইডি বাল্বৰ স্বচ্ছ পোহৰ উপভোগ কৰিব পাৰে তাৰ উদ্দেশ্যেৰে সমাজৰ সকলো পৰ্যায়ৰ ব্যক্তিৰ বাবে এই বিশেষ পদক্ষেপ লোৱা হৈছে বুলি মন্তব্য কৰিছে উদ্যোক্তা সকলে ।

অৱশ্যে এই ক্ষেত্ৰত সন্থাটোৱে ঘৰৰ বিজুলী বিল সহ ছয়টাকৈ ফিলামেনযুক্ত বাল্বৰ বিনিময়ত মাত্ৰ ৯০ টকাতে প্ৰায় ১৮০০ টকা বজাৰ মূল্যৰ ছয়টাকৈ এলইডি বাল্ব বিতৰণৰ ব্যৱস্থা কৰিছে । সন্থাটোৰ এই পদক্ষেপত এতিয়া সকলো ৰাইজে আদৰণি জনাইছে ।
লগতে পঢ়ক : দুই লক্ষাধিক মূল্যৰ চেগুন কাঠ ভৰ্তি বাহন জব্দ হ’ল কৰিমগঞ্জত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.