ETV Bharat / state

চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ত বক্তৃতা অনুষ্ঠান

author img

By

Published : May 15, 2022, 2:21 PM IST

চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় ড° ৰঞ্জিত ৰঞ্জন শইকীয়া সোঁৱৰণি দ্বিতীয় স্মাৰক বক্তৃতা অনুষ্ঠান(Lecture programme at Chandra Kamal Bezbaruah College) । অসমীয়া জাতি আৰু ইয়াৰ ঐতিহ্য(Assamese nation and its heritage) শীৰ্ষক বিষয়ত অনুষ্ঠিত হয় এই অনুষ্ঠান ।

Lecture programme at Chandra Kamal Bezbaruah College
চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ত বক্তৃতা অনুষ্ঠান

টীয়ক,১৫ মে': চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ ইতিহাস বিভাগৰ উদ্যোগত শনিবাৰে মহাবিদ্যালয়ৰ অধ্যাপক ড° ৰঞ্জিত ৰঞ্জন শইকীয়া সোঁৱৰণি দ্বিতীয় স্মাৰক বক্তৃতা অনুষ্ঠানটো মহাবিদ্যালয়ৰ পোনাৰাম গগৈ সভাকক্ষত অনুষ্ঠিত হয়(Lecture programme at Chandra Kamal Bezbaruah College) । অসমীয়া জাতি আৰু ইয়াৰ ঐতিহ্য(Assamese nation and its heritage) শীৰ্ষক বিষয়ত অনুষ্ঠিত হয় এই বক্তৃতা অনুষ্ঠান ।

উক্ত অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক তথা অসমৰ অন্যতম বুদ্ধিজীৱী ড° চন্দন কুমাৰ শৰ্মা মুখ্যবক্তা হিচাপে উপস্থিত থাকি নিৰ্ধাৰিত বিষয়ৰ ওপৰত আলোকপাত কৰে । তেঁও কয় যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো অতি বৃহৎ । ঠিক সেইদৰে ইয়াৰ ঐতিহ্যও অপৰিসীম ।

বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ ফলশ্ৰুতিত বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে আৰু সেয়ে ইয়াৰ ঐতিহ্য বহু সুকীয়া আৰু আকৰ্ষণীয় । ইফালে মহাবিদ্যালয়ৰ ৰেক্টৰ সুনীল কুমাৰ ভট্টাচাৰ্যই সভাপতিত্বত কৰে উক্ত অনুষ্ঠানটো । অনুষ্ঠানটিৰ আঁত ধৰে মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড° বিকাশ নাথে ।

এই বক্তৃতা অনুষ্ঠানত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° বিনয়ব্ৰত ৰাজখোৱা উপস্থিত থাকি আদৰণি ভাষণ আগবঢ়ায় । উক্ত বক্তৃতা অনুষ্ঠানত মহাবিদ্যালয় কেইবাগৰাকীও প্ৰৱক্তা,কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰী উপস্থিত থাকি অনুষ্ঠানটোৰ সফল সমাপ্তি ঘটায় ।

লগতে পঢ়ক: ৰাজ্যৰ ভিতৰতে হাফলঙত সৰ্বাধিক পৰিমাণৰ ২৩ ছেণ্টিমিটাৰ বৃষ্টিপাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.