ETV Bharat / state

লেজাৰৰ দ্বাৰা সিৰাৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন যোৰহাটৰ চিকিৎসকৰ - সিৰাৰ অস্ত্ৰোপচাৰ

অত্যাধুনিক লেজাৰ  অস্ত্ৰোপচাৰৰ দ্বাৰা এটা দিনৰ ভিতৰতে ৰোগীয়ে পুনৰ সুস্থ জীৱন যাপন কৰিব পাৰে।

লেজাৰৰ দ্বাৰা সিৰাৰ অস্ত্ৰোপচাৰ সম্পন্ন যোৰহাটৰ চিকিৎসকৰ
author img

By

Published : May 30, 2019, 8:02 PM IST

যোৰহাট,30 মে' : ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰলৈ আশাৰ ৰেঙনি। পোন প্ৰথমবাৰৰ বাবে লেজাৰৰ দ্বাৰা সিৰাৰ অস্ত্ৰোপচাৰ। যি সময়ত সু-চিকিৎসাৰ অভাৱত বহু ৰোগীয়ে বহি:ৰাজ্যলৈ ঢাপলি মেলিছে,সেই সময়তে যোৰহাটৰ এগৰাকী চিকিৎসকে ৰাজ্যখনৰ চিকিৎসা ক্ষেত্ৰলৈ আনিছে আশাৰ ৰেঙনি। উল্লেখ্য যে,ভেৰিকেজ ভেন (সিৰা গোট মৰা ৰোগ)নামৰ ৰোগ বিধে সাধাৰণতে বহু ৰোগীৰ জীৱন প্ৰণালীত ব্যাঘাত জন্মাই আহিছে। বিশেষকৈ বংশগতভাৱে এই ৰোগ হয় যদিও আধুনিক জীৱন নিৰ্বাহ শৈলীৰ কাৰণেও ৰাজ্যত এই সিৰা গোট মৰা ৰোগবিধ ব্যাপক হাৰত বৃদ্ধি পাইছে। এই ৰোগৰ চিকিৎসা পদ্ধতি যথেষ্ট জটিল, কিয়নো মুক্ত অস্ত্ৰোপচাৰ কৰিবলগীয়া হ'লে ৰোগীয়ে বহু দিনৰ কাৰণে বিশ্ৰাম ল'বলগীয়া হয়। কিন্তু অত্যাধুনিক লেজাৰ অস্ত্ৰোপচাৰৰ দ্বাৰা এটা দিনৰ ভিতৰতে ৰোগীয়ে পুনৰ সুস্থ জীৱন যাপন কৰিব পাৰে।

লেজাৰৰ দ্বাৰা সিৰাৰ অস্ত্ৰোপচাৰ সম্পন্ন যোৰহাটৰ চিকিৎসকৰ

এই ক্ষেত্ৰত যোৰহাটৰ জীয়ৰী ডঃ নিলু মালপানী ধুতয়ে যোৰহাটৰ মালপানী নাৰ্ছিংহোমতে এই ৰোগৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰে। যোৰহাট চহৰৰ অঞ্জু দেৱী নামৰ ৰোগী গৰাকীক যোৱা ২৬ মে'ত যোৰহাটতে অস্ত্ৰোপচাৰ সম্পন্ন কৰি সুস্থ কৰি তুলিবলৈ সক্ষম হয় ডঃ নিলু মালপানী ধুতয়ে। চিকিৎসক গৰাকীয়ে জনোৱা মতে, এক মাত্ৰ মুম্বাইতহে এই অত্যাধুনিক লেজাৰ জেনেৰেটৰ সঁজুলিটো উপলব্ধ হয়। কিন্তু চিকিৎসক গৰাকীৰ অনুৰোধত সুদূৰ মুম্বাইৰ পৰা অত্যাধুনিক সঁজুলি আনি যোৰহাটতে অস্ত্ৰোপচাৰ কৰি যোৰহাট তথা ৰাজ্যখনৰ চিকিৎসাক্ষেত্ৰলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।

পুন প্ৰথম বাৰৰ বাবে লেজাৰৰ দ্বাৰা সিৰাৰ অস্তোপচাৰ।।
ৰাজ্যৰ চিকিৎসা ক্ষেতলৈ আশাৰ ৰেঙনী।।

ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰলৈ আশাৰ ৰেঙনী কঢ়িয়াই আনিছে যোৰহাটৰ এগৰাকী চিকিৎসকে।যি সময়ত সু-চিকিৎসাৰ অভাৱত বহু ৰোগীয়ে বহি:ৰাজ্যলৈ ঢাপলি মেলিছে সেই সময়তে যোৰহাটৰ এগৰাকী মহিলা চিকিৎসকে ৰাজ্যখনৰ চিকিৎসা ক্ষেত্ৰলৈ আনিছে আশাৰ ৰেঙনী।সাধাৰণতে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ভেৰিকেজ ভেন (সিৰা গোট মৰা ৰোগ)নামৰ ৰোগ বিধে সাধাৰণতে বহু ৰোগীৰ জীৱন যাপন প্ৰণালীত ব্যাঘাত জন্মাই।বিশেষকৈ জেনেটিকেলী এই ৰোগ হয় যদিও আধুনিক জীৱন নিৰ্বাহ শৈলী কাৰনে এই সিৰা গোট মৰা ৰোগ বিধ ব্যাপক হাৰত বৃদ্ধি পাইছে ৰাজ্যখনত।এই ৰোগৰ চিকিৎসা পদ্ধতি যথেষ্ট জটিল।কাৰন মুক্ত অস্তোপচাৰ কৰিব লগিয়া হলে ৰোগীয়ে বহু দিনৰ কাৰনে বিশ্ৰাম লব লগিয়া হয়।কিন্তু অত্যাধুনিক লেজাৰ অস্তোপচাৰ দ্বাৰা এটা দিনৰ ভিতৰতে ৰোগীয়ে পুনৰ সুস্ঠ জীৱন যাপন কৰিব পাৰে।এই ক্ষেত্ৰত যোৰহাটৰ জীয়ৰি ডঃ নিলু মালপানী ধুতয়ে যোৰহাটৰ মালপানী নাৰ্ছীংহোমতে এই ৰোগৰ সফল অস্তোপচাৰ সম্পন্ন কৰে।যোৰহাট চহৰৰ অন্জু দেৱী নামৰ ৰোগী গৰাকীক যোৱা ২৬ মে'ত যোৰহাট তে অস্তোপচাৰ সম্পন্ন কৰি সুস্হ কৰি তুলিবলৈ সক্ষম হয়।চিকিৎসক গৰাকীৰ সৈতে হোৱা কথোপকথনত জনাই যে এক মাত্ৰ মোম্বাইতহে এই অত্যাধুনিক লেজাৰ জেনেৰেটৰ সজুলী টো উপলব্ধ।চিকিৎসক গৰাকীৰ অনুৰোধত সুদূৰ মোম্বাই পৰা অত্যাধুনিক সজুলী আনি যোৰহাট তে অস্তোপচাৰ কৰি যোৰহাট তথা ৰাজ্যখনলৈ আশাৰ ৰেঙনী কঢ়িয়াই আনিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.